শেহতীয়া
Home / অসম / সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ পত্ৰিকা বিতৰণ

সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ পত্ৰিকা বিতৰণ

প্ৰথম খবৰ, মৰিয়নী: ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মৰিয়নীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিধেয়কখনৰ বিৰোধিতা কৰি প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে।  বিয়লি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিয়নী আঞ্চলিক সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহে। ৰাইজৰ মাজত বিধেয়কখনৰ বিৰোধ কৰিবলৈ সজাগতা অনাৰ অৰ্থে মৰিয়নীবাসীৰ মাজত প্ৰচাৰ পত্ৰিকা  বিতৰণ কৰে। মৰিয়নী থানা তিনিআলিৰ পৰা আৰম্ভ কৰি নগৰখন পৰিভ্ৰমণ কৰি সকলো ৰাইজ তথা দোকানসমূহত এই প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে। প্ৰায় শতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াই এই কায্যসূচী জৰিয়তে কোনো কাৰণতে এই বিধেয়ক মানি নোলোৱাৰ লগতে চৰকাৰক  শীঘ্ৰে বাতিল কৰাৰ দাবী জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*