অসমশীৰ্ষ

সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ! মুণ্ডন কৰিলে বিশ্ববিদ্যালয়ৰ ৫ ছাত্ৰই

নিউজ ডেস্ক,প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ  ছাত্ৰসমাজ। সংশোধনী আইন বাতিলৰ দাবীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিশাল প্ৰতিবাদী সমদলত শ শ ছাত্ৰ-ছাত্ৰীৰ লগতে বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ লগতে ৰাইজৰ অংশগ্ৰহনে উত্তাল কৰি তুলে ডিব্গড় বিশ্ববিদ্যালয়ৰ চৌপাশ। হাতে হাতে জোৰ লৈ দবা কাঁহ বজাই শুই থকা চৰকাৰখনক সকিয়নি দিছে । বিশ্ববিদ্যালয় চৌহদত মুখ্যমন্ত্ৰী আৰু বিজেপী কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে। প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে এক অভিনৱ প্ৰতিবাদ কৰিলে ছাত্ৰসমাজে। বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সম্পাদকসহ ৫জন ছাত্ৰই এই বিধেয়ক বাতিলৰ দাবীত মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close