অসম

সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ নামত আহ্বায়ক কমিটি গঠন

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ,প্ৰথম খবৰ: সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ অহা দহ জুন তাৰিখে এবছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিপ্তত নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আগন্তুক দহ জুন তাৰিখে প্ৰতিষ্ঠা দিৱস পতাৰ পূৰ্ণ প্ৰস্তুতি চলোৱা বুলি জনা গৈছে। প্ৰাপ্ত বাতৰি মতে আজি গোৱালপাৰা জিলা নাথ যোগী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় বুধিপাৰাত আজি দিনৰ দহ বজাৰ পৰা চাৰি বজালৈ গোৱালপাৰা জিলা নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি হৃদয়ানন্দন নাথৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সেই অনুযায়ী আগন্তুক নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস ১০ জুন তাৰিখে গোৱালপাৰা জিলা নাথ যোগী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় বুধিপাৰাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুযায়ী আগন্তুক প্ৰতিষ্ঠা দিৱস সুচাৰুভাৱে পৰিচালনা কৰিবলৈ হৃদয়ানন্দন নাথক সভাপতি,জিটুমণি নাথ আৰু শ্বহীদ নাথক উপ সভাপতি,উদ্ধৱ চন্দ্ৰ নাথক সম্পাদক আৰু মৃন্ময় নাথ আৰু কন্দৰ্প নাথক সহ: সম্পাদক হিচাপে লৈ এখনি আহ্বায়ক সমিতি গঠন কৰে যদিও কিছু সংখ্যক বিভাগৰ বিষয় বাব অহা দেওবাৰে সম্পূৰ্ণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। আজিৰ সভাত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথ,খেল সম্পাদক জিটুমণি নাথ আৰু কাৰ্যনিৰ্বাহক বকুল নাথৰ লগতে গোৱালপাৰা জিলা নাথ যোগী সমাজৰ সম্পাদক ৰত্নেশ্বৰ নাথ উপস্থিত থকা বুলি জিলা নাথ যোগী ছাত্র সন্থাই জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close