অসমগুৱাহাটীশীৰ্ষ

সলনি হ’ব আপোনাৰ গাড়ীখনৰ নম্বৰ প্লেট

নিউজ ডেস্ক, প্ৰথম খবৰ: অতি শীঘ্ৰেই সলনি হ’ব মহানগৰীৰ সকলো যান-বাহনৰ নম্বৰ প্লেট। সকলো যান-বাহনত লগোৱা হ’ব “হাই ছিকিউৰিটী” নম্বৰ প্লেট। অহা ৩১ মে’ৰ ভিতৰত সলনি হ’ব সকলো বাহনৰ নম্বৰ প্লেট।

গুৱাহাটী মহানগৰীৰ মুঠ ৯,৯৮,২৬৫ খন যান-বাহনত লগোৱা হ’ব নতুন নম্বৰ প্লেট। আনহাতে, এতিয়াৰে পৰা অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে চালকসকলক দিয়া হ’ব এক বিশেষ প্ৰশিক্ষণ।

প্ৰাপ্ত খবৰ মতে, যান-বাহন আইনসমূহ সূচাৰুৰূপে পালন কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। লগতে মহানগৰীত বন্ধ হ’ব ১৫ বছৰ পুৰণি সকলো যান-বাহনৰ চলাচল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close