বিনোদনশীৰ্ষ

সুনীল গ্ৰোভাৰৰ অনুষ্ঠান হিট

নিউজ ডেস্ক, প্ৰথম খবৰ: সুনীল গ্ৰোভাৰ কমেডিৰ ক্ষেত্ৰখনত এটা জনপ্ৰিয় নাম। পূৰ্বৰ অনুষ্ঠান ‘কমেডি নাইটছ্ উইথ কপিল’ত মছুৰ গুলাটি তথা গুত্থিৰ চৰিত্ৰত অভিনয় কৰা সুনীলক এইবাৰ দৰ্শকে দেখিবলৈ পাইছে এক নতুন ৰূপত। এইবাৰ তেওঁ ডক্টৰ নহয়, প্ৰোফেচাৰ হৈছে। প্ৰোফেচাৰ এলবিডব্লিউ। অনুষ্ঠানটোৰ নাম ‘জিঅ’ ধন ধনা ধন’। এই অনুষ্ঠানত তেওঁৰ প্ৰধান সহযোগী হিচাপে আছে শেহতীয়া বিগ বছৰ বিজয়ী অভিনেত্ৰী শিল্পা ছিণ্ডে। আন আন চৰিত্ৰত আছে সুগন্ধা মিশ্ৰা আৰু আলী আছগৰ। ইতিমধ্যে অনুষ্ঠানটো সফল হৈছে যাৰ ফলত প্ৰতিদিনে দৰ্শকৰ সংখ্যাও বাঢ়িছে জিঅ’ৰ। উল্লেখ্য, কেৱল জিঅ’ উপভোক্তাই এই অনুষ্ঠানটো উপভোগ কৰিব পাৰে। প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানৰ জৰিয়তে খেলৰ লগত কমেডিৰ সংযোগ ঘটিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close