অসম

সৰ্বভাৰতীয় চিত্ৰাংকণ প্ৰতিযোগিতাত নগাঁও চিত্ৰকলা একাডেমিৰ ছাত্ৰ-ছাত্ৰীৰ কৃতিত্ব লাভ 

 

প্ৰথম খবৰ,চেঙা:ভাৰত কলা কেন্দ্ৰৰ উদ্যোগত পশ্চিমবংগত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ এখন চিত্ৰাংকণ প্ৰতিযোগিতাত বৰপেটাৰ নগাঁও চিত্ৰকলা একাডেমিৰ তিনিজনকৈ ছাত্ৰ-ছাত্ৰীয়ে পদক পাবলৈ সক্ষম হৈছে। সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ কেবা শতাধীক  ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত নগাওঁ কলা একাডেমিৰ পৰা ১৫ গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে আৰু ইয়াৰে ভিতৰত অজয় বৰ্মা¸ কস্তুৰী পাঠক আৰু সুষ্মিতা পাটোৱাৰীয়ে পদক লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ যে, ২০০৩ চনত প্ৰতিষ্ঠা লাভ কৰা একাডেমিখনৰ পৰা পূৰ্বেও কেবাজনো ছাত্ৰ-ছাত্ৰীয়ে এনেধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুক্ষাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। কলা একাডেমিখনৰ এই সফলতাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close