অসমশীৰ্ষ

হাইমাদ্ৰাছাৰ প্ৰথম দুটা স্থান ধুবুৰীৰ দখলত, এটা স্থান

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি অসম মাধ্যমিক শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰে। হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দুটা স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ধুবুৰী জিলাই। ধুবুৰী জিলাৰ কমাৰদাংগা হাই মাদ্ৰাছাৰ মহম্মদ মিজানুৰ ৰহমানে ৫৫৬ নম্বৰেৰে প্ৰথম স্থান অধিকাৰ কৰিছে। আনহাতে দ্বিতীয় স্থান লাভ কৰিছে চাপৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ নাজমুল হুদাই। তৃতীয় স্থানত আছে দৰং জিলাৰ পশ্চিম মঙলদৈ হাই মাদ্ৰাছাৰ ছাত্ৰী ছাবিহা ছবনম।

হাইমাদ্ৰাছা পৰীক্ষাত প্ৰথম তিনিটা স্থান

প্ৰথম স্থান: মহম্মদ মিজানুৰ ৰহমান, কমাৰদাংগা হাই মাদ্ৰাছা, ধুবুৰী (৫৫৬)

দ্বিতীয় স্থান: নাজমুল হুদা, চাপৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধুবুৰী (৫৫৫)

তৃতীয় স্থান: ছাবিহা ছবনম, পশ্চিম মঙলদৈ হাই মাদ্ৰাছা, দৰং (৫৪৯)

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close