অসম

হামৰেনত এ এছ ডি চি-ৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে ৪৮ পৰিয়ালৰ বিপৰীতে কংগ্ৰেছ-অগপ-ৰ ১৩ পৰিয়ালৰ যোগদান বিজেপিত

 

হামৰেণৰপৰা কনক দেউৰী, প্ৰথম খবৰ : পশ্চিম কাৰ্বি আংলঙৰ সদৰ ঠাই হামৰেণত আজি কাৰ্বি আংলঙৰ আঞ্চলিক দল এ এছ ডি চি-য়ে সমূহীয়াকৈ দলটোৰ প্ৰতিষ্ঠা দিৱস পালন কৰি থকাৰ সময়তে তথা প্ৰতিষ্ঠা দিৱসৰ দিনটোতে এ এছ ডি চি-ৰ ৪৮ টা পৰিয়ালে বিজেপিত যোগদান কৰাৰ বিপৰীতে কংগ্ৰেছ-অগপ-ৰ ১৩ পৰিয়ালে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত। পশ্চিম কাৰ্বি আংলঙৰ হামৰেণৰ ৰং-কাৰ্বিত আয়োজন কৰা বিজেপিৰ যোগদান সভাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰণ, পৰিষদীয় সদস্য মঙ্গলছিং তিমুং, কাৰ্বি পৰিষদৰ বিভাগীয় প্ৰাক্তন বৰ্ড অধ্যক্ষ ক্ৰমে বিদ্যাছিং টেৰণ, কৃষ্ণ প্ৰসাদ শৰ্মা, দিলীপ হাঞ্চে, ৰঞ্জিত টেৰণ, যৎচন টেৰণ, কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যা কাৱন ইংতিপি, গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন অধ্যক্ষ ক্ৰমে বিদ্যাছিং তিচ্ছ, অধ্যক্ষ চাৰছিং ফাংছৰ লগতে বিজেপি নেতা আৰচং ৰংহাং, বীৰেন তিচ্ছ’, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ কাৰ্যালয় সম্পাদক হাৰমণ বে’, পিটৰ তিমুং আৰু ভালে সংখ্যক বিজেপি নেতা-কৰ্মীৰ উপস্থিতত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় হামৰেণ সমষ্টিত এ এছ ডি চি-ৰ ৪৮ পৰিয়ালৰ, কংগ্ৰেছৰ ১২ আৰু অগপ-ৰ ১ টা পৰিয়ালকলৈ মুঠ ৬১ পৰিয়ালে আজি এইদৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। সভাত উপিস্থিত থকা সহস্ৰাধিক বিজেপিৰ পুৰুষ-মহিলাক উদ্দেশ্যি পৰিষদীয় সদস্য মঙ্গলছিং তিমুঙে কয় যে ৰাজনৈতিক ক্ষেত্ৰখনত বিজেপি মানেই হৈছে একতাৰ দুল। বিজেপিত যোগদান মানেই একেটা পৰিয়ালৰ সসদ্য অথবা এক দলৰ কৰ্মী হোৱা। বিজেপিৰ কৰ্মী বা বিজেপিত যোগদান কৰি আমি একতাৰ দোলেৰে বান্ধ খাই শক্তিশালী ৰূপত থিয় দি কৰ্ম আৰু উন্নয়নমূখী হোৱাৰ সংকল্প লৈছে। গতিকে বিজেপিত আগত আৰু পিছত যোগদান কৰাৰ মাজত কোনো পাৰ্থক্য নাই। আমি সকলোয়ে দল আৰু চৰকাৰৰ লগত একেলগে মিলিজুলি আমাৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰে তিমুঙে। আনহাতে সমাগত চহৰ কমিটি নিৰ্বাচক কেন্দ্ৰ কৰি পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰণে উল্লেখ কৰে যে হামৰেন চহৰ সমিতি নিৰ্বাচনত ৰাইজে বিজেপিৰ জয় নিশ্চিত কৰিব লাগিব হামৰেণ চহৰত বুলি কয় টেৰণে। কাৰণ এনে জয়েহে পূর্বতকৈও হামৰেনত আৰু অধিক উন্নয়ন আৰু বিকাশ সাধন কৰাত বিজেপিক অধিক আগ্ৰহী কৰি তুলিব বা উৎসাহ-উদ্দীপনা দিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close