অসম

১১ মে’ৰ পৰা তিনিদিনীয়াকৈ ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত ঐতিহ্যমণ্ডিত ফাটবিহু উৎসৱ 

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, প্ৰথম খবৰ: ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত ঐতিহ্যমণ্ডিত ফাটবিহু উৎসৱৰ ব্যাপক আয়োজন। ১১ মে’ৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চাৰিকড়ীয়া নদীৰ পাৰৰ ম’হঘুলি চাপৰিত উদযাপিত হ’ব ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু।

ফাটবিহু ২০১৮ উৎসৱলৈ উদযাপন সমিতিয়ে ম’হঘুলি চাপৰিত ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। কাৰ্যসূচী অনুসৰি ১১ মে’ৰ পুৱা পতাকা উত্তোলনেৰে ফাটবিহু উৎসৱৰ পাতনি মেলিব ফাটবিহু সমিতিৰ সভাপতি প্ৰদীপ চমুৱাই। ১১ বজাৰ লগে লগে বিভিন্ন ঠাইৰ পৰা অহা বিহু দলসমূহক আদৰণি। ১১.৩০ বজাত মঞ্চ মুকলি কৰিব ঢকুৱাখনা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত সমাজশাস্ত বিভাগৰ মুৰব্বী অধ্যাপক কুষেশ্বৰ দত্তই। দুপৰীয়া ১২ বজাত আৰম্ভ হ’ব মহিলা সকলৰ টকা বিহু প্ৰতিযোগিতা। এই প্ৰতিযোগিতা উদ্বোধন কৰিব ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিনীতা গাৰোদিয়াই। ইয়াৰ পাছতে ২.৩০ বজাৰ পৰা চেমনীয়া হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক দ্ৰোণকান্ত দাসে। দ্বিতীয় দিনা (১২ মে’ৰ)  কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত বৃক্ষৰোপণ কৰিব। এই বৃক্ষৰোপণ কাৰ্যসূচীত অসম ৰোপক হিচাপে অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ সম্পাদক দ্বিগেন্দ্ৰনাথ হাজৰিকাই অংশ ল’ব। পুৱা ১০ বজাত অনুষ্ঠিত হ’ব গামোচা প্ৰতিযোগিতা। এই গামোচা প্ৰতিযোগিতাখন উদ্বোধন কৰিব বচামুখ হাইস্কুলৰ সহঃ শিক্ষয়িত্ৰী ঐয়াও পাতিৰে। দুপৰীয়া ১২ বজাত জনগোষ্ঠীয় হুঁচৰি প্ৰতিযোগিতা। বিয়লি ২ বজাত ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ “বিহুৱান”  উন্মোচন। “বিহুৱান” উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক ডাঃ পুস্প গগৈয়ে। তৃতীয় দিনা (১৩ মে’ৰ ) পুৱা ১০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ’ব।

বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব অসমীয়া চলচ্চিত্র জগতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। দুপৰীয়া ১২ বজাত মুকলি বিহু প্ৰতিযোগিতা। বিয়লি ২ বজাত ফাটবিহুৰ সভাপতি প্ৰদীপ চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা। প্ৰতি দিন টাইমৰ জেষ্ঠ সাংবাদিক ৰাজদীপ বাইলুঙে উদ্বোধন কৰিবলগীয়া সভাত মুখ্য অতিথি হিচাপে থাকিব বিশিষ্ট সাহিত্যক য়েছে দৰজে আৰু বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাই। মুকলি সভাত অংশ ল’ব ঢকুৱাখনা স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী মন্ত্ৰী নৱ কুমাৰ দলে, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ৰাজ্যসভাৰ সাংসদ ডাঃ ৰাণী নৰহ, মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰীয়ে। ইয়াৰ উপৰিও বিহু সুৰক্ষা সমিতিৰ সম্পাদক প্ৰধান প্ৰৱিত্ৰ মহনে নিদিষ্ট বক্তা হিচাপে প্ৰদান কৰিবলগীয়া সভাখনত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এম.এম.কে ভানু, অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক বৰ্ণালী শৰ্মা, অসম চৰকাৰৰ পঞ্চায়তৰ আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত সচিব খৰ্গেশ্বৰ পেগু, লখিমপুৰ উপায়ুক্ত ডাঃ জীবন বি, অসম চৰকাৰৰ ৰেচম বিভাগৰ সঞ্চালক ডাঃ মুক্তানাথ শইকীয়াৰ উপৰিও আৰু বহুকেইজন গণ্য-মান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close