অসমবিনোদনশীৰ্ষ

২০১৯ত বিহু অনুষ্ঠান নকৰে জুবিনে, ঘোষণা লামডিঙত

নিউজ ডেস্ক, প্ৰথম খবৰ: ২০১৯ত বিহু অনুষ্ঠানত দেখা নাযায় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক। লামডিঙত এক বিহু অনুষ্ঠানত সংগীত পৰিৱেশন কৰি থকাৰ মাজতে এই ঘোষণা কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব শিল্পীজনে।

‘জুলু’ শীৰ্ষক নতুন ছবি এখনৰ বাবে অহা বছৰ ব্যস্ত থাকিব জুবিন গাৰ্গ। সেইবাবেই ছবিখনৰ কামত ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবেই জুবিনে কোনো বিহু অনুষ্ঠানত অংশগ্ৰহণ নকৰে বুলি জানিবলৈ দিয়ে।

কিছুসময়ৰ পূৰ্বে লামডিঙৰ অনুষ্ঠানত এই কথা প্ৰকাশ কৰে। শিল্পীজনে শ শ দৰ্শকৰ সন্মুখত ঘোষণা কৰে যে ‘জুলু’ৰ ম’হটোৰ সৈতেই তেওঁ ব্যস্ত থাকিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close