Home / অসম / ২০ মে’ত অসমলৈ আহিব অমিত ছাহ, ক’লা পতাকা দেখাই প্ৰতিবাদ কৰিম: অখিল গগৈ

২০ মে’ত অসমলৈ আহিব অমিত ছাহ, ক’লা পতাকা দেখাই প্ৰতিবাদ কৰিম: অখিল গগৈ

নিউজ ডেস্ক, প্ৰথম খবৰ: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত ছাহৰ আগন্তুক অসম ভ্ৰমণক লৈ জাঙুৰ খাই উঠিছে কৃষক মুক্তিৰ নেতা অখিল গগৈ। গগৈয়ে ২০ মে’ৰ দিনা অসমৰ সকলো জাতীয় সংগঠনক একগোট হৈ বিমান বন্দৰৰ বাহিৰৰ পৰাই ক’লা পতাকা দেখাই প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক বাটিলৰ দাবীত প্ৰতিবাদ চলি থকাৰ মাজতে অমিত ছাহৰ অসম ভ্ৰমণে কি ৰূপ লয় সেয়া সময়তহে লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

*