অসমশীৰ্ষ

৬টা স্থানেৰে চমক কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি ঘোষণা কৰা উচ্চতম মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা আৰু বিজ্ঞান শাখাত ছটাকৈ স্থাল দখল কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰিছে পাঠশালাত অৱস্থিত কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজে।

স্বাভাৱিকতে এই ফলাফলে আনন্দৰ বন্যা নমাই আনিছে মহাবিদ্যালয়খনলৈ। ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ সমান্তৰালভাৱে স্থানীয় জনতাকো এই ফলাফলে উল্লাসিত কৰি তুলিছে।

বিজ্ঞান শাখাত মহাবিদ্যালয়খনৰ নীহাৰিকা গোস্বামীয়ে ৪৮৩ নম্বৰেৰে দ্বিতীয় স্থান লাখ কৰাৰ বিপৰীতে ৪৮০ নম্বৰ লাভ কৰি ভাস্কৰজ্যোতি কলিতাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে ৪৭৯ নম্বৰেৰে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ভাস্বতী কলিতাই লাভ কৰিছে চতুৰ্থ স্থান।

আনহাতে কলা শাখাতো তিনিগৰাকী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ৪৮৪ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভণিতা ৰয়ে। আনহাতে ৪৮২ নম্বৰেৰে চতুৰ্থ স্থান লাভ কৰিছে ঋতুপৰ্ণ কলিতাই আৰু ৪৮১ নম্বৰেৰে পঞ্চম স্থান অধিকাৰ কৰিছে হিয়াশ্ৰী চৌধুৰীয়ে।

Related Articles

Leave a Reply

Close