অসমশীৰ্ষ

৮০%ৰে মেট্ৰিকৰ শীৰ্ষত ধেমাজি, সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ ওদালগুৰিত

নিউজ ডেস্ক, প্ৰথম খবৰ: ২০১৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইতকৈ ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ধেমাজি জিলাই। জিলাখনৰ প্ৰায় ৮০ শতাংশ পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হোৱাৰ বিপৰীতে সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ দেখা গৈছে ওদালগুৰি জিলাত (প্ৰায় ৩৮ শতাংশ)।

এইবাৰ ধেমাজি জিলাত সৰ্বমুঠ ১২,৫৮৭ গৰাকী পৰীক্ষাৰ্থীৰ ১০,০৩৯জনে সফলতা লাভ কৰে (৭৯.৭৬ শতাংশ)। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ২,৩৩৬ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ২৭৭৪গৰাকী আৰু তৃতীয় বিভাগ লাভ কৰে ২৯২৯গৰাকী পৰীক্ষাৰ্থীয়ে।

আনহাতে দ্বিতীয় স্থানত আছে নামনিৰ জিলা নলবাৰী। জিলাখনত ১০,০১২ গৰাকী পৰীক্ষাৰ্থীৰ বিপৰীতে ৯৯৯৩গৰাকী উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৬৯.৮৫ শতাংশ। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ২৭৫৬গৰাকী, দ্বিতীয় বিভাগত ৩০২২গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ১২১৫গৰাকী।

৬৭.১৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত আছে কামৰূপ মহানগৰ জিলা। জিলাখনৰ ১২,৩০০ গৰাকী পৰীক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ হয় ৮২৬০গৰাকী। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৩৮৮৯গৰাকী, দ্বিতীয় বিভাগত ৩২৪২ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ১১২৯গৰাকী।

ইফালে সৰ্বনিম্ন ফলাফল প্ৰদৰ্শন কৰা জিলা তিনিখন হৈছে ওদালগুৰি (৩৬.৯৭ শতাংশ), গোৱালপাৰা (৩৮.৭৩শতাংশ) আৰু কাৰ্বি আংলং (৪২.৬৭ শতাংশ)।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close