অসম

ৰঙিয়াৰ পঞ্চায়তত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি এম উমা,ভাস্কৰ ৰাও আৰু ৰিজু পি জৰ্জ 

প্ৰথম খবৰ,ৰঙিয়া: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ তিনিজনীয়া প্ৰতিনিধি দল এটাই অসমত আহি উপস্থিত হয়। ৰাজ্যৰ বিভিন্ন পঞ্চায়তৰ কাম কাজৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ৰাজ্যত আহি উপস্থিত হোৱা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলটোৱে আজি ৰঙিয়াত উপস্থিত হয়। প্ৰতিনিধি দলটোৱে ৰঙিয়াত আহি উপস্থিত হোৱাৰ লগে লগে ৰঙিয়াৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে তেওঁলোকক আদৰনি জনায়। দলটোৱে ৰঙিয়াৰ আৰিমত্ত সাংসদ আদৰ্শ গাওঁত ভ্ৰমণ কৰি আদৰ্শ গাওঁৰ  পঞ্চায়তৰ কাম কাজৰ খতিয়ান লয়।  দলটোত ক্ৰমে  ষ্ট্ৰেটেজিক প্লেনিং এছোচিয়েট এম উমা, ইটিআই টুল স্পেচিয়েলিটি ভাস্কৰ ৰাও আৰু প্ৰকল্প বিষয়া ৰিজু পি জৰ্জৰ  উপৰিও ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ,মহকুমা নিৰ্বাচনী বিষয়া ৰিপণ জ্যোতি নাথ,ৰঙিয়া  খণ্ড উন্নয়ন  বিষয়া ধনজিৎ দত্ত সহ বিভাগীয় বিষয়া আৰু পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলটোৱে  আৰিমত্ত গাওঁ পঞ্চায়তৰ বিভিন্ন কাম কাজ পৰিদৰ্শন কৰি সন্তুষ্টি লাভ কৰে। পিছত আৰিমত্ত গাওঁ পঞ্চায়তত হোৱা এক  অনুষ্টুপীয়া সভাত পঞ্চায়তৰ তৰফৰপৰা তেওঁলোকক বিপুলভাৱে আদৰণি জনায়। সভাত প্ৰতিনিধি দলটোৱে আৰিমত্ত পঞ্চায়তৰ কামকাজৰ বুজ লোৱাৰ পিছতে পঞ্চায়ত প্ৰতিনিধিক বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। তেওঁলোকে ৰাইজৰ লগত মত বিনিময়ো কৰে। ৰঙিয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলটিয়ে শোণিতপুৰ জিলাৰ চতিয়া পঞ্চায়ত লৈ কাম কাজ পৰিদৰ্শন কৰাৰ বাবে ৰাওনা হয়।

 

Related Articles

Leave a Reply

Close