অসম

ৰঙিয়াত ই ৰিক্সাৰ বিৰুদ্ধে অভিযান 

প্ৰথম খবৰ,ৰঙিয়া: ৰঙিয়া চহৰত আজি কিছু বছৰৰ পৰা নিয়ন্ত্ৰণহীনভাৱে যধে মধে ই ৰিক্সা চলি থকাত চহৰ খনত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। ই ৰিক্সা চালক সকলে যান বাহন আইন উলংঘা কৰি বৈধ কাগজ পত্ৰ অবিহনে দিনে নিশাই ৰঙিয়া চহৰত দপদপাই থকাত অকল যে যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী সকল সমস্যাত পৰিছে সেয়া নহয় পথচাৰী আৰু লঘু যান বাহন চালক সকলেও অসুবিধাৰ সন্মুখীন হোৱাৰ অভিযোগ পোৱা গৈছে। একাংশ ই ৰিক্সা চালকৰ বিৰুদ্ধে যাত্ৰী সকলৰ পৰা অতিৰিক্ত ভাড়া আদায় কৰাৰ লগতে বাহিৰা যাত্ৰীৰ পৰা ছেগ বুজি লগত থকা নগদ ধন,বেগ আদি কাঢ়ি নিয়াৰ অভিযোগো নথকা নহয়। একাংশ ই ৰিক্সা চালকৰ বিৰুদ্ধে এই ধৰণৰ এশ এবুৰি অভিযোগৰ পৰিপ্ৰেক্ষিতত আজি ৰঙিয়া মহকুমাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত কুমাৰ সুৰজিত বৰা,জয়ন্ত দাস আৰু পৌৰসভাৰ উপ সভাপতি ফজলুল হকৰ নেতৃত্বত ৰঙিয়াৰ যান-বাহন আৰক্ষীয়ে ৰঙিয়া চহৰত ই ৰিক্সাৰ বিৰুদ্ধে ব্যপক অভিযান চলায়। আৰক্ষীৰ দলটোৱে বৈধ নথিপত্ৰ নথকা ই ৰিক্সা চালকক জৰিমনা বিহে। তেওঁলোকক অনতিপলমে আমিনগাঁওৰ কামৰূপ জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ত পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়া হয়। উল্লেখ্য নলবাৰীৰ কিছুমান পথত ই ৰিক্সা চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাত তেওঁলোকে ৰঙিয়া চহৰত ভীড় কৰা পৰিলক্ষিত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close