শেহতীয়া
Home / অসম / ৰহাত নাগৰিকত্ব সংশোধনীৰ বিৰুদ্বে বিশাল মানৱ শৃংখল

ৰহাত নাগৰিকত্ব সংশোধনীৰ বিৰুদ্বে বিশাল মানৱ শৃংখল

ৰহাৰ পৰা পলাশ হাজৰিকা,প্ৰথম খবৰ:নাগৰিকত্ব সংশোধনী বিধেয়কে জ্বলাইছে ৰাজ্য। ৰাজ্যৰ চৌদিশে বিধেয়কখনৰ বিৰুদ্ধs প্ৰতিবাদত মুখৰ হৈ থকাৰ সময়ত বুধবাৰে পুনৰ বিধেয়কখনৰ প্ৰতিবাদত কপি উঠিল মধ্য অসমৰ ৰহা। বুধবাৰে ৰহাত আঞ্চলিক ছাত্ৰ সন্থা,তিৱা ছাত্ৰ সন্থা,মাছ,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ৰহাৰ  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃহৎ মানৱ শৃংখলেৰে সাব্যস্ত কৰে প্ৰতিবাদ। অঞ্চলৰ প্ৰায় ৩০ টাৰো অধিক সংগঠনৰ প্ৰায় পাঁচ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি কোনো কাৰণতে নাগৰিকত্ব বিধেয়ক অসমত গ্ৰহণ কৰিবৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে। অন্য হাতে প্ৰতিবাদ স্থলীত উপস্থিত থাকি আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া,মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন অধ্যক্ষ লাচিত বৰদলৈ আৰু জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি দিলীপ পাটগিৰিয়েও অসমৰ খিলঞ্জীয়া,অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে। ৰাইজৰ প্ৰতিবাদৰ অন্তত ২০টা সংগঠনে লিখিত ভাবে জিলা উপায়ুক্তৰ জৰিয়তে যুটীয়া সংসদীয় সমিতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। জাতি ধ্বংসী নাগৰিকত্ব বিধেয়কৰ বিৰোধীতাৰে ৰাজ্যৰ চৌদিশে জনতাৰ এনে প্ৰতিবাদক চৰকাৰে যদিহে গুৰুত্ব নিদিয়ে তেন্তে অসমীয়া ৰাইজ হাত সাবতি বহি নাথাকে বুলিও হুংকাৰ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*