অসমশীৰ্ষ

ৰেৱতী ফুকন নিখোজ সন্দৰ্ভত সাংবাদিকক জেৰা

নিউজ ডেস্ক, প্ৰথম খবৰ: ২২ এপ্ৰিলৰ পৰা নিখোজ হৈ থকা পি চি জিৰ সদস্য ৰেৱতী ফুকনক শ্বিলঙৰ পৰা উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ক পৰেশ বৰুৱাই জনোৱাৰ পিছতে বুধবাৰে ইয়াৰ তথ্য সন্দৰ্ভত জেৰাৰ সন্মুখীন লবলগীয়া হয় এজন সাংবাদিক৷

উল্লেখ্য যে শ্বিলঙৰ চি আৰ পি এফৰ কেম্পত থকা বুলি চি আৰ পি এফৰ চিকিৎসকৰ হোৱাটচ এপ মেছেজৰ পৰা এক ভয়াৱহ তথ্য যোৰহাটৰ সাংবাদিকলৈ অহাৰ পিছতে যোৰহাটৰ সাংবাদিকজন সন্মুখীন হবলগীয়া হয় মাৰাথন জেৰাৰ৷ গুৱাহাটীত আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী আয়ুক্তই সাংবাদিকজনক চলায় এই জেৰা৷

ইফালে ৰেৱতী ফুকন নিখোজৰ ৰহস্যক লৈ আৰক্ষীৰ তদন্তক লেহেমীয়া আখ্যা দি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ হস্তক্ষেপৰ সহায় বিচাৰে ফুকন পৰিয়ালে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close