অসমশীৰ্ষ

ৰাজ্যিক বিজেপিৰ ৱেবচাইটত পৰ্ণ,অভিযোগ দাখিল

নিউজ ডেস্ক, প্ৰথম খবৰ: বৰ্তমান সময়ত ৰাজ্যিক বিজেপি বিপদত পৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু পেট্ৰ’ল,ডিজেলৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ বিজেপি চৰকাৰ এতিয়া অন্য এক নতুন বিষয়ৰ বাবেহে চৰ্চিত হৈছে। সেয়া হ’ল তেওঁলোকৰ ৱেবচাইট। ৰাজ্যিক বিজেপিৰ ৱেবচাইট www.bjpassam.org ত ক্লিক কৰিলে এতিয়া আপুনি পাব মাথো পৰ্ণ ভিডিঅ’। ৰাজ্যৰ  চৰকাৰখন বৰ্তমান বিপদত পৰিছে। খবৰ অনুসৰি, কেনিয়াৰ এক দুষ্ট চক্ৰই এই ৱেবচাইট হেক কৰিছে। যাৰ ফলত এতিয়া বাৰুকৈয়ে বিপদৰ সন্মুখীন হৈছে ৰাজ্যিক বিজেপি। ইতিমধ্যে এই সম্পৰ্কে এক অভিযোগো দাখিল কৰা হৈছে। বিজেপিৰ কাৰ্যনিৰ্বাহক কমিটিৰ সদস্য শান্তনু কলিতাৰ মতে, তেওঁলোকে এই কাণ্ডৰ তদন্তৰ দায়িত্ব চাইবাৰ চেলক দিছে। ইতিমধ্যে, চাইবাৰ চেলৰ অনুসন্ধানত দুষ্কৃতিকাৰীসকল কেনিয়াৰ বুলি জানিবপৰা গৈছে। শীঘ্ৰে এই দুষ্কৃতিকাৰীসকল ধৰা পৰিব বুলি ৰাজ্যিক বিজেপিয়ে আশা ৰাখিছে। সেয়া যিয়েই নহওক, কিন্তু এই কাণ্ডৰ বাবে বৰ্তমান বিজেপি সৰ্বত্ৰে চৰ্চিত হৈছে।

Related Articles

Leave a Reply

Close