শেহতীয়া
Home / অসম / সুকীয়া দেশ বিচাৰি বাংলাদেশীৰ প্ৰতিবাদ অসমত! আৰক্ষী চিআৰপিএফৰে হতাহতি, লাঠীচালনা

সুকীয়া দেশ বিচাৰি বাংলাদেশীৰ প্ৰতিবাদ অসমত! আৰক্ষী চিআৰপিএফৰে হতাহতি, লাঠীচালনা

নিউজ ডেস্ক, প্ৰথম খবৰ: বাংলাদেশী প্ৰসংগত ৰাজ্য কঁপি থকাৰ সময়তে আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বাংলাদেশীয়ে নতুন দেশ বিচাৰি ৰাজপথত সাব্যস্ত কৰিছে প্ৰতিবাদ। প্ৰতিবাদকাৰীক বাধা দিবলৈ যোৱাৰ সময়ত আৰক্ষীৰ সৈতে প্ৰকাশ্যে হতাহতিত লিপ্ত হৈছে বাংলাদেশী (!) প্ৰতিবাদকাৰী।

এনে এটা ভিডিঅ’ই সম্প্ৰতি বিয়পিছে ম’বাইলে ম’বাইলে। ভিডিঅ’টোত দেখা গৈছে এটা প্ৰতিবাদী সমদল বিভিন্ন শ্ল’গান দি আগবাঢ়ি আহিছে। তেওঁলোকৰ হাতত এখন বেনাৰ। কিন্তু এই ভিডিঅ’টো ইমানেই অস্পষ্ট যে বেনাৰৰ আখৰ ভালকৈ চিনিব পৰা নাযায়। পঢ়িব পৰা আখৰক লৈ গম পোৱা গৈছে যে এয়া এক পথ অৱৰোধ কাৰ্যসূচীৰ ভিডিঅֹ’। অসমীয়া ভাষাত বুলি বুজি পালেও শ্লোগানৰ শব্দও অস্পষ্ট। ভিডিঅ’টো প্ৰচাৰ কৰি কোৱা হৈছে যে প্ৰতিবাদকাৰীসকলে দাবী কৰিছে নতুন এখন ৰাষ্ট্ৰৰ।

অৱশেষত আৰক্ষীৰ মুখামুখি হ’ল প্ৰতিবাদকাৰীসকল। আৰক্ষীয়ে প্ৰতিবাদকাৰীৰপৰা বিচাৰিলে প্ৰতিবাদৰ অনুমতিপত্ৰ। ইয়াৰ পিছতে সংঘাত সৃষ্টি হয় আৰক্ষী আৰু প্ৰতিবাদকাৰীয়ে। আৰক্ষীয়ে গাত হাত দিয়াক লৈ তথাকথিত বাংলাদেশীয়ে উভতি ধৰে আৰক্ষীক। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ লাঠীচালনা কৰে আৰক্ষীয়ে। ইয়াৰ পিছতে প্ৰতিবাদ শেষ। কিন্তু অসমৰ ভূমিত অনুপ্ৰৱেশ কৰা বাংলাদেশীয়ে সুকীয়া ৰাষ্ট্ৰ বিচাৰি কৰা প্ৰতিবাদ নিঃসন্দেহে চিন্তনীয় বিষয়।

আন এটা উল্লেখনীয় বিষয় হ’ল, ভিডিঅ’টোত কিছু গ্ৰাফিক্স ব্যৱহাৰ কৰা হৈছে। গ্ৰাফিক্সৰ ভাষা হিন্দী। কথাটো হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬, এনআৰচিক লৈ ৰাজ্যবাসী ব্যস্ত হৈ থকাৰ সময়ত কোনোবাই নতুন সংঘাতৰ বাবে প্ৰৰোচিত কৰিছে নেকি? এনে এক সন্ধিক্ষণত অসমবাসীক কোনোবাই হাতৰ পুতলা কৰি নচুৱাবলৈ যত্ন কৰিছে নেকি?

ভিডিঅ’টো এটা অজ্ঞাত সংগঠনে শ্বেয়াৰ কৰিছে ছ’চিয়েল মিডিয়াত। ঘটনাটো ক’ত সংঘটিত হৈছে সেই সম্পৰ্কে কোনো বিতং তথ্য নাই আমাৰ হাতত। ৰাজ্যৰ এই স্পৰ্শকাতৰ ক্ষণত এই ভিডিঅ’ই সমাজত নিতান্তই প্ৰভাৱ পেলাব পাৰে। প্ৰশাসনে তদন্ত কৰিব লাগে। নহ’লে এই ভিডিঅ’ই অপ্ৰত্যাশিত পৰিস্থিতিত উদ্ভৱ কৰাৰো আশংকা নোহোৱা নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*