অসম

অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ মৰাণ শাখাৰ আদৰণীয় পদক্ষেপ

প্ৰথম খবৰ,মৰাণ: মৰাণৰ অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ আঞ্চলিক সমিতিয়ে আজি মৰাণ নগৰ প্ৰাথমিক বিদ্যালয়ত আৰু খুমটাই চকলিয়া মন্দিৰত ক্ৰমে ২খন আৰু ১ খন চিলিং ফেন প্ৰদান কৰে। গৰমৰ বতৰত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আৰু মন্দিৰলৈ অহা ভক্তগণক এই দানে যথেষ্ট উপকৃত কৰিব।বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে আৰু মন্দিৰ পৰিচালনা সমিতিয়ে সন্মিলনৰ সদস্যসকলৰ এই কাৰ্যক ভূয়সী প্ৰসংশা কৰে। কাৰ্যক্ৰম সাফল্যমণ্ডিত কৰি তোলাত সহযোগ কৰাৰ বাবে শাখা সভাপতি সুনীত নিৰ্মল আগৰৱালা আৰু সীমা আগৰৱালাই শাখাৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Close