অসমগুৱাহাটীশীৰ্ষসভা-সমিতি

‘অসমৰ আৰ্থ সামাজিক উন্নয়নত হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ ভূমিকা’ সন্দৰ্ভত আলোচনা চক্ৰ

সদৌ অসম হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিষয়া সন্থাৰ উদ্যোগত

গুৱাহাটী: ৮ জুন ২০১৮: সদৌ অসম হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিষয়া সন্থাৰ বিশেষ উদ্যোগত ‘অসমৰ আৰ্থ সামাজিক উন্নয়নত হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ ভূমিকা’ সন্দৰ্ভত এখন আলোচনা চক্ৰ আজি ৰিহাবাৰী স্থিত আৰ্টফেডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। আলোচনা চক্ৰ খন উদ্ধোধন কৰে অসম চৰকাৰৰ হস্ত তাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই। তাৰোপৰি আলোচনা চক্ৰখনত উপস্থিত থাকে হস্ত তাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ অৱসৰ প্ৰাপ্ত আয়ুক্ত সচিব মুক্তি গগৈ, হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰা, ৰেচম বিভাগৰ সঞ্চালক মুক্তা নাথ শইকীয়া, আৰ্টফেডৰ পৰিচালন সঞ্চালক মুকুল চন্দ্ৰ ডেকা, ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ শান্তনু ডেকা, শিপিনী সেৱা কেন্দ্ৰৰ সহকাৰী সঞ্চালক উৎপল বড়োকে মুখ্য কৰি হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ বিষয় ববীয়া সকল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close