Uncategorizedগল্পসাহিত্য

আকৌ য়ুনিক’ড

অক্লান্তিকা

(দ্বিতীয় খণ্ড)

: মাহী আপুনি যে নিজকে অসমীয়া বুলি পৰিচয় দিয়ে, অসমীয়া বোলা এই পৰিচয়টোৰ লগত নিশ্চয় কিছুমান বিশেষ কথা জড়িত হৈ আছে৷ হয়টো আপোনাৰ কাৰণে হ’ব পাৰে সেইয়া আপোনাৰ সাজ-পাৰ, সংস্কৃতি আদি, নহয় জানো?
: সেইটোও আৰু সুধিবলগীয়া কথানে?
: তেন্তে কওকচোন বাৰু, আপোনাৰ অসমীয়া পৰিচয়টোত আমাৰ ভাষাটোৰ গুৰুত্ব কিমান?
: কিমান মানে? ভাষাতেই দেখোন সোমাই আছে মূল পৰিচয়টো৷ বেজবৰুৱাদেৱে জানো লিখি থৈ যোৱা নাই, “অ’ মোৰ সুৰীয়া মাত, অসমৰ সুৱদী মাত”৷ আৰু সেই যে আমাৰ সাহিত্য সভাৰ গীতটো, “চিৰ চেনেহী মোৰ ভাষা জননী”৷ তুমিনো কিবোৰ কথা কৈ আছা?
: তাৰমানে আপুনি জানেই ভাষাৰ মহত্ব৷ আৰু ভাষাটোক মহীয়ান কৰে কিহে? সাহিত্যই নহয়নে?
: কৈ যোৱাচোন কৈ যোৱা৷ বৰ পাক লগাই কথাবোৰ কৈ আছা৷ অলপ পোনপটীয়াকৈ কোৱা৷
: আপুনি অসমীয়া ভাষাটো লিখে যে, কি লিপি ব্যৱহাৰ কৰি লিখে?
: অসমীয়া আকৌ৷
: কাগজত লিখোতে বাৰু অসমীয়াত লিখে, ফেইচবুকত যে লিখি থাকে আপোনাৰ কথাবোৰ, কবিতাবোৰ, সেইয়া কিহত লিখে?
: হেঃ এইজনী, অসমীয়াত আকৌ৷ মই অসমীয়া কিব’ৰ্ড এখন ডাউনল’ডো কৰি লৈছোঁ৷ ল’ৰাই দেখুৱাই দিছে নহয় কেনেকৈ কৰিব লাগে৷ আমাৰ ই আকৌ বুজিছা এইবোৰ কথাত বৰ…
: সেইটোৱেইটো কথা মাহী৷ আপুনি কাগজত লিখোতে, আপোনাৰ মতে ঠিকেই অসমীয়াত লিখে, কিন্তু ম’বাইল বা কম্পিউটাৰত যেতিয়া ফেইচবুক কৰিবলৈ লিখে, তেতিয়া লিপিটো কম্পিউটাৰৰ মতে অসমীয়া নহয়, বেংগলীহে৷
: কি যা তা কথা কৈ আছা অ’? মই অসমীয়াতহে লিখোঁ৷ আৰু এই কি লিপি লিপি বুলি কৈ আছা৷ মই মুঠতে অসমীয়া লিখোঁ৷
: মানে আপুনি অসমীয়া বৰ্ণমালা ব্যৱহাৰ কৰি অসমীয়া লিখে, সেইটোৱেই ক’ব বিচাৰিছেতো?
: অ অ, তাকেই কৈছোঁ৷
: এতিয়া মোৰ কথাখিনি ভালকৈ শুনক৷ আপুনি যে সুধিছিলে য়ুনিক’ডক লৈ গণ্ডগোলটো ক’ত বুলি, গণ্ডগোলটো তাতেই৷ আপুনি আৰু মই সৰুতে অসমীয়া লিপি, মানে অসমীয়া বৰ্ণমালা বুলিয়েই পঢ়ি আহিলোঁ৷ কিন্তু য়ুনিক’ডত অসমীয়া লিপি বুলি একো লিপি নাই৷ আমি যেতিয়া কম্পিউটাৰত ফেইচবুক কৰিবলৈ বা আন কিবা কামত য়ুনিক’ডত অসমীয়া লিখোঁ, আমাৰ কম্পিউটাৰটোৱে তাক বেংগলীত লিখা বুলিহে বুজে৷ কিয়নো আমাৰ অসমীয়া বৰ্ণ কেইটাৰ কাৰণে য়ুনিক’ডত কম্পিউটাৰে বুজি পোৱাকৈ যি সাংকেতিক চিন ব্যৱহাৰ কৰা হৈছে, সেই চিনকেইটা বেংগলী লিপিৰহে অংশ বুলি অন্তৰ্ভুক্ত হৈ আছে৷
: কি? সেইটো কেনেকৈ হ’বলৈ পালে? বৰ ডাঙৰ কথা দেখোন?
: হয় ডাঙৰ কথাই৷ কিন্তু আপুনি যিমান ডাঙৰ কথা বুলি ভাবিছে তাতকৈও হয়তো বেছিহে ডাঙৰ৷ আপোনাক মই আজিকালি প্ৰায়েই ফেইচবুকত দেখোঁ৷ আপুনি বাৰু বহী-কাগজত লিখা কিমান দিন হ’ল?
: হ’ল কিছু দিন৷ আজিকালি কলম চুবলৈকে নাপাওঁ দেখোন৷ অৱশ্যে ম’বাইলটো হাততে থাকে কাৰণে যেতিয়াই অলপ সময় পাওঁ তেতিয়াই মনলৈ অহা কথাবোৰ ফেইচবুকত লিখি পেলাওঁ আৰু, বুজিছাই নহয়?
: সেইয়া চাওক, আপুনি সৰুৰেপৰা কাগজত অসমীয়াত পঢ়া-শুনা, কলমেৰে লিখা-মেলা কৰিও এতিয়া ম’বাইল নাইবা কম্পিউটাৰতহে লিখে বুলি কৈছে৷ আমাৰ নতুন প্ৰজন্মৰ কথা ভাবকচোন৷ বহুতেই ৰোমান লিপিতহে অসমীয়া লিখে৷ বাকী নতুন প্ৰজন্মৰ যিসকলে এতিয়াও অসমীয়াত লিখা-মেলা কৰি আছে তাৰে বহুতেই হয়তো আপোনাৰ নিচিনাকৈ ম’বাইলতহে লিখি আছে৷ বৰ সোনকালেই এনে এটা দিন নাহিবনে, যেতিয়া কাগজ-কলমৰ ব্যৱহাৰ প্ৰায় শূন্য হৈ পৰিব, আৰু কেৱল ম’বাইল, কম্পিউটাৰ বা আন তেনে কোনো অত্যাধুনিক সজুলিতহে লিখা মেলা কৰা হ’ব? তেতিয়া আহিবলগীয়া প্ৰজন্মই অসমীয়া বেংগলী লিপি ব্যৱহাৰ কৰি লিখা হয় বুলি নিশিকিবনে বাৰু?
: হয়তো কথাটো৷ বৰ ডাঙৰ কথা দেখোন৷ কেনেকৈ হ’ব পালেনো এই ঘটনাটো?
: সদায় যেনেকৈ ঘটে৷ অসমীয়াই গমেই নাপালে৷ পিচত যেতিয়া গম পালে, ইতিমধ্যে আমাৰ লিপিৰ নামাকৰণ হৈ গ’ল৷
: হেঃ তুমিও বৰ কিবাহে৷ ভালকৈ বুজাই কোৱাচোন কথাষাৰ৷
: আপোনাক যে কৈ আছোঁ য়ুনিক’ড বুলি, এই য়ুনিক’ডৰ মানক নিৰ্ধাৰণ কৰা এটা আন্তঃৰাষ্টীয় সন্থা আছে৷ এই সন্থাটোৰ নাম হৈছে য়ুনিক’ড কনছৰ্টিয়াম (Unicode Consortium, https://www.unicode.org)৷ য়ুনিক’ড কনছৰ্টিয়ামৰ কিছুমান সদস্য আছে৷ ভাৰত চৰকাৰো ইয়াৰ সদস্য৷ যিমানবোৰ ভাৰতীয় লিপিৰ য়ুনিক’ড কনছৰ্টিয়ামে সাংকেতিকৰণ কৰিছে, সেইবোৰৰ তালিকা ভাৰত চৰকাৰৰ পিনৰপৰা পঠিওৱা হৈছিল বুলি জনা যায়৷ কথাটো হ’ল, সেই সময়ত য়ুনিক’ডলৈ পঠিওৱা ভাৰত চৰকাৰৰ সেই তালিকাখনত অসমীয়া বুলি কোনো লিপিৰ নাম উল্লেখ নাছিল, বৰং বেংগলী বুলিহে এটা লিপিৰ নাম আছিল বুলি গম পোৱা যায়৷ সেই সময়ত কম্পিউটাৰ প্ৰযুক্তি সম্পৰ্কে প্ৰায়ভাগ শিক্ষিত অসমীয়াৰে বৰ বিশেষ জ্ঞান নাছিল৷ অসমীয়াৰ কথা বাদেই দিলোঁ, গোটেই দেশতে এই বিষয়ে জ্ঞান বৰ বিশেষ নাছিল৷ গতিকে আমাৰ অলক্ষিতেই এই ভুলটো তেতিয়া হৈ গ’ল৷ আমি বহুত পলমকৈ এই বিষয়ে গম পালোঁ৷
: কোৱা? ভাৰত চৰকাৰে কি অধিকাৰত তেনে কৰিব পাৰিলে? অসমীয়া ভাষাৰ স্বীকৃতি স্বয়ং ভাৰতীয় সংবিধানত দিয়া আছে৷ ভাৰত চৰকাৰ কোন হয়হে…
: ৰ’ব ৰ’ব, মোৰ কথাখিনি আগেয়ে শুনি লওক৷ আপুনি ঠিকেই কৈছে, অসমীয়া ভাষাটো এটা সংবিধান স্বীকৃত ভাষা৷ কিন্তু আমাৰ সংবিধানে ভাষাকহে স্বীকৃতি দিছে, লিপিক নহয়৷ গতিকে…
: ৰ’বাচোন ৰ’বা, তুমি কি এইবোৰ ভাষা- লিপি, ভাষা-লিপি বুলি বেলেগ বেলেগকৈ কৈ আছা? অথনিৰেপৰা তোমাৰ এই কথাটো মই মন কৰি আছোঁ৷
: হয় মাহী, আপুনি ঠিকেই ধৰিব পাৰিছে, মই ভাষা আৰু লিপিৰ মাজত পাৰ্থক্য ৰাখি আপোনাক কথাবোৰ কৈ আছোঁ৷ অসমীয়াসকলৰ কাৰণে আচলতে এই পাৰ্থক্যটো বুজা অলপ টান কিয়নো আমি অসমীয়া ভাষা আৰু লিপিৰ মাজত কিবা পাৰ্থক্য আছে বুলি বিদ্যালয়ত কেতিয়াও ক’তো পঢ়ি নাপালোঁ৷ কিন্তু হিন্দী ভাষী লোকসকলৰ কাৰণে এই পাৰ্থক্যটো বুজা টান কাম নহয়৷
: অ অ অতো৷ কিবা এটা বুজি পোৱা যেন লাগিছে ৰ’বা৷ হিন্দী ভাষা দেৱনাগৰী লিপি ব্যৱহাৰ কৰি লিখা হয়, নহয় জানোঁ?
: আপোনাৰ মনত আছে তেতিয়াহ’লে৷ কথাটো ঠিক তেনেকুৱাই৷ যিদৰে হিন্দী লিখিবৰ কাৰণে এটা লিপি ব্যৱহাৰ কৰা হয়, অসমীয়া লিখিবৰ কাৰণেও এটা লিপি ব্যৱহাৰ কৰা হয়৷ আৰু আমাৰ কাৰণে যিহেতু অসমীয়া ভাষা আৰু লিপিৰ মাজত কোনো অন্তৰ নাই, গতিকে আমাৰ কাৰণে আমাৰ লিপিও অসমীয়া যেনেই লাগে৷
: যেনেই লাগে মানে? হয়েইতো৷ তাত আকৌ সন্দেহ কৰিবলগীয়া কিটো আছে?
: আচলতে কথাটো যিমান সহজ হ’ব লাগিছিল সিমান সহজ নহয়৷ এই লৈ বহুত তৰ্ক বিতৰ্ক চলি আছে৷ অলপ মুৰ্গী আগত নে কণী আগত জাতীয় তৰ্কটোৰ নিচিনা শেষ নোহোৱা তৰ্ক৷ কওঁ ৰ’ব আপোনাক এতিয়া কথাটো৷…(আগলৈ)

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close