গল্পসাহিত্য

আকৌ য়ুনিক’ড

 

অক্লান্তিকা

 

: অ’ৰা ক’লৈ যোৱাহে ইমান কোবাকোবিকৈ? আহাচোন আহা তোমাৰ লগত কথা এটা আছে৷

: কি হ’ল মাহী? মোৰ কাম এটা আছে, ৰ’বলৈ সময় নাই৷ পিচত আহিম দিয়ক৷

: হ’ব দিয়াহে কৰি থাকিবা তোমাৰ কাম৷ আজি দেখোন দেওবাৰ৷ তোমাৰ লগত আজিকালি এনেও দেখা সাক্ষাৎ নহয়৷ আজি দেখিলোৱেই যেতিয়া মোক কথা এটা বুজাই যোৱাচোন৷

: মাহী আপুনিও মানে মোক এৰি নিদিব যেন লাগিছে আজি৷ সোধক সোধক, যি সুধিবলগীয়া আছে সোনকালে সোধক৷

: এই কথা এটা কোৱাচোন, আকৌ যে এই ইউনিক’ড নে ফিউনিক’ড বুলি কথা এটা ওলাইছে, কি নো এই বস্তুটো? আজিৰপৰা কেইবছৰমান আগতেও দেখোন কিবা শুনা শুনা যেন মনত পৰে৷

: আপুনিও যে আৰু মাহী৷ কথাটো সুধিবলৈ এতিয়াহে সময় পালে৷ ইমান চমু কথাও নহয়৷ বাৰু আপুনি জানিব বিচাৰিছেই যেতিয়া শুনক, য়ুনিক’ড (Unicode) হৈছে এক সাংকেতিকৰণ প্ৰণালী যাৰ সহায়ত আপুনি কম্পিউটাৰত বা আপোনাৰ ম’বাইলত (ম’বাইলটোও আচলতে এটা সৰু কম্পিউটাৰেই) বিভিন্ন ভাষা পঢ়িব আৰু লিখিব পাৰে৷

: কিন্তু য়ুনিক’ডৰ আগতেওটো কম্পিউটাৰত আমি ইংৰাজীত পঢ়া-শুনা, লিখা-মেলা কৰিয়েই আছিলো৷ অসমীয়াতো দেখোন ৰামধেনু নে কি তেনে ধৰণৰ ছফটৱেৰ ব্যৱহাৰ কৰি মানুহে লিখিয়েই আছিল৷

: হয়, কম্পিউটাৰত আমি ইংৰাজী ব্যৱহাৰ কৰিয়েই আছিলো৷ কিন্তু আপুনি জানি আচৰিত হ’ব, অসমীয়াসকল ইমান আগ্ৰহী  নহ’লেও পৃথিৱীৰ আন আন লোকসকল, যাৰ মাতৃভাষা ইংৰাজী নহয় তেওঁলোকে নিজৰ ভাষাতেই কম্পিউটাৰত কাম কৰিবলৈ ভালপায়৷ সেয়েহে, যিবোৰ ভাষাৰ ব্যৱহাৰ কম্পিউটাৰত বহুলভাৱে হৈ আছিল, আৰু লগতে আন যিমান পাৰি ভাষাবোৰৰ লিপিবোৰক সাঙুৰি সকলোকে একোটা  ক’ড বা সাংকেতিক চিন দিয়াৰ এটা একক প্ৰণালীৰ প্ৰয়োজন হৈ পৰিল যাতে যিয়ে যেনেকৈ মন যায় তেনেকৈ নিজৰ ভাষাৰ লিপিৰ বৰ্ণবোৰৰ সাংকেতিকৰণ কৰি নাথাকে আৰু এটা মানক স্থাপিত হয়৷ এই মানক স্থাপিত হোৱাৰ কাৰণে কোনোবাই যদি জাপানত জাপানীজত কিবা এটা লিখি ইণ্টাৰনেট বা আন্তঃজালত প্ৰকাশ কৰে, আৰু আপুনি যদি আপোনাৰ কম্পিউটাৰত সেই লেখাটো চায়, য়ুনিক’ড যুক্ত আপোনাৰ অপাৰেটিং ছিষ্টেমত, যেনে ধৰক- আপোনাৰ কম্পিউটাৰৰ উইনড’জ ছিষ্টেমত সেই লেখাটোৰ বৰ্ণবোৰ দেখা পাব, সাইলাখ জাপানীজত লিখাজনে যিদৰে দেখিছিল তেনেদৰেই৷

: মই এতিয়াও ভালদৰে বুজা নাই৷ মই দেখোন অসমীয়াতো মানুহে কম্পিউটাৰত য়ুনিক’ডৰ আগৰে পৰা লিখি থকা বুলি কৈছিলো৷

: হয় লিখিছিল৷ কিন্তু ৰামধেনুৰ দৰে কম্পিউটাৰত লিখা এই আহিলাবোৰ একো একোটা বিশেষ ছফ্টৱেৰৰ লগত জড়িত৷ মানে ৰামধেনু ব্যৱহাৰ কৰি আপুনি যদি কম্পিউটাৰত কিবা লিখে, তেন্তে অইন এজনে নিজৰ কম্পিউটাৰত আপোনাৰ লেখাটো পঢ়িবলৈ হ’লে তেওঁৰ কম্পিউটাৰতো ৰামধেনু ছফটৱেৰটো ইনষ্টল কৰি ল’ব লাগিব৷ নহ’লে তেওঁ আপুনি লিখা বৰ্ণবোৰৰ ঠাইত বেবেৰিবাং কিবাকিবিহে দেখিব, নাইবা আপুনি লিখা ফাইলটো খুলিবই নোৱাৰিব৷

: অলপ অলপ বুজি পোৱা যেন লাগিছে৷ আৰু অলপ ভালকৈ বুজাই দিয়াচোন৷

: এতিয়া য়ুনিক’ডত যদি আপুনি অসমীয়াত কিবা এটা আপোনাৰ কম্পিউটাৰতেই হওক বা ম’বাইলতেই হওক লিখে, অসমীয়া পঢ়িব জনা যিকোনো লোকেই পৃথিৱীৰ য’তেই নাথাকক কিয় তেওঁৰ আধুনিক কম্পিউটাৰ বা ম’বাইলত আপোনাৰ লেখা পঢ়িব পাৰিব৷ তাৰ কাৰণে আৰু তেওঁ কোনো বিশেষ ছফটৱেৰ ইনষ্টল কৰিব নালাগে৷ অৱশ্যে লিখিবৰ কাৰণে তেওঁ নিজৰ পছন্দৰ অসমীয়া কিব’ৰ্ড এখন ইনষ্টল বা সংৰূপিত কৰি ল’ব পাৰে৷

: প্ৰাথমিক কথাখিনি বুজিলোঁ বাৰু৷ এতিয়া কোৱাচোন, তাকে লৈ ইমান হৈ চৈ কেলৈ? আমি জানো কম্পিউটাৰ, ম’বাইল এইবোৰত এতিয়া তুমি কোৱাৰ দৰে এই য়ুনিক’ড নে কি সেইটোৰেই ফেইচবুকাই নাথাকো? গণ্ডগোলটো ক’ত?

: গণ্ডগোল আছে বুলিও ক’ব পাৰে নাই বুলিও ক’ব পাৰে৷ কথাটো নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত৷

: কিনো কৈ আছাহে, ভালকৈ কোৱাচোন৷

: আপুনি নিজকে বাৰু অসমীয়া বুলি পৰিচয় দিয়েনে?

: আকৌ যা তা কথা বলকি আছা৷ কিয় নহ’মহে মই অসমীয়া৷ মোৰ আজু ককাই জানা এসময়ত…

: ৰ’ব ৰ’ব, খং নকৰিব৷… (আগলৈ)

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close