অসমশীৰ্ষ

আটাইতকৈ দামী চাইকেলত উঠি ৰকিবুলৰ ব্যতিক্ৰমী প্ৰতিবাদ

নিউজ ডেস্ক, প্ৰথম খবৰ: পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে নগাৱঁত দেখা পোৱা গ’ল এক তীব্ৰ প্ৰতিবাদৰ দৃশ্য।

ঘোঁৰা গাড়ী, দামী চাইকেলৰ সহায়ত এক ব্যতিক্ৰমী ৰূপেৰে নগাঁৱত কংগ্ৰেছীয়ে উলিওৱা এই প্ৰতিবাদী সমদলত অংশ গ্ৰহণ কৰিলে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে আন কংগ্ৰেছী আৰু ইয়াৰ সমৰ্থকসকলে৷

উল্লেখ্য যে আটাইতকৈ দামী চাইকেলত উঠি বুধবাৰৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰা ৰকিবুলৰ চাইকেল দেখি পথচাৰীৰ চকু থৰ হৈ ৰোৱাৰ লগতে বহু পথচাৰীয়ে ৰকিবুলৰ এই বিলাসী চাইকেল সন্দৰ্ভত উত্থাপন কৰিলে বহু প্ৰশ্নও৷

Related Articles

Leave a Reply

Close