অসম

আঠিয়াবৈৰ “গুৰু জোন””লৈ ““শ্ৰেষ্ঠ জনপ্ৰিয় সাহিত্যিক আৰু আজীৱন““কলাগুৰু শিল্পী সোঁ‌ৱৰণী বঁটা 

চাংসাৰিৰপৰা পঙ্কজ নাথ, প্ৰথম খবৰ ২২ জুন: জালুকবাৰী সমষ্টিৰ অন্তৰ্গত চাংসাৰিৰ সমীপবৰ্তী আঠিয়াবৈ গাঁ‌ৱৰ উদীয়মান যুৱক, সমাজসেৱক, সাংস্কৃতিক কৰ্মী তথা কবি ও লেখক গুৰু জোনলৈ ২০ জুনত ৰাভা দিৱসৰ দিনা ““অংকুৰ ৱেলফেয়াৰ ছ’চাইটি”” আৰু ““আকু””ৱে উমৈহতীয়া ভাৱে “’কলাগুৰু শিল্পী সোঁ‌ৱৰণী বঁ‌টা’”আৰু এই বৰ্ষৰ ““শ্ৰেষ্ঠ জনপ্ৰিয় সাহিত্যিক বটাঁ ”” প্ৰদান কৰে৷ বিগত বছৰৰ দৰে এইবেলিও আমবাৰীস্হিত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত অভিনন্দন অনুষ্ঠানত গুৰুজনক উক্ত সন্মানেৰে সন্মানিত কৰা হয়। উল্লেখ্য যে, এক দীঘলীয়া সময় জুৰি জীৱনৰ পচিশটা বছৰ গৰকা গুৰুজনে “চৰকাৰ তোমালোকলৈ অনুৰোধ” , “মই আজি মদ খাম” , “আকাশ চুব খোজো” , “অবাস্তৱ” , “আমাৰ পৰিচয় কিয় মানুহ নহয়” আদি কৰি অলেখ কবিতা লিখি জনপ্ৰিয়তা অৰ্জন কৰাৰ উপৰি, বিশেষভাৱে সক্ষম লোকসকলৰ বাবেও ভিন্ন কৰ্মপন্থা হাতত লৈ আহিছে। একেদৰে গীত, কবিতা আদিৰ সৃষ্টিৰ ওপৰি সাম্প্ৰতিক সময়ৰ যিকোনো ঘটনাৰ ক্ষেত্ৰত নিঃস্বাৰ্থভাৱে মাত মতাৰ ক্ষেত্ৰত সদায়েই গুৰুজন আগৰণুৱা হৈ আহিছে। সেইবাবেই অতি কম বয়সতে এনেধৰণে নানান কৰ্মৰাজিৰে আটাইৰে মন মুহিবলৈ সক্ষম হোৱা গুৰুজনক ‘কলাগুৰু শিল্পী সোঁ‌ৱৰণী বঁ‌টা” তথা “শ্ৰেষ্ঠ জনপ্ৰিয় সাহিত্যিক” সন্মানিত কৰাত তেখেতৰ গুণমুগ্ধ, আঠিয়াবৈ বাসী ৰাইজৰ লগতে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণ উৎফুল্লিত হৈ পৰিছে। আনহাতে এই বটা লাভ কৰি ছ’ছিয়েল মিডিয়া ফেচবুকটো এক বিশেষ নাম থকা কবি গুৰুজনে তেখেতৰ প্ৰেৰণাদাতা কেবাগৰাকীও বিশিষ্ট কবি, সাহিত্যিক, অভিনেতা-অভিনেত্ৰী, সাংবাদিকলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেখেতৰ গুণমুগ্ধ আৰু শুভাকাংক্ষী সকলক ধন্যবাদ জ্ঞাপন কৰিছে।

Related Articles

Leave a Reply

Close