অসম

আন্তঃ জিলা জুনিয়ৰ আৰু মিনি জুনিয়ৰ ফুটবলৰ বাবে বৰপেটাত বাচনি শিবিৰ

বৰপেটাৰপৰা ছফিক আহমেদ,প্ৰথম খবৰ: তিনিচুকীয়া আৰু নগাঁও জিলাত অনুষ্ঠিত হ’ব লগা আন্তঃ জিলা জুনিয়ৰ আৰু মিনি চাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বাবে অহা জুলাই মাহত বাচনি শিবিৰ অনুষ্ঠিত হ’ব। বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অংশগ্ৰহণ কৰিব বিচৰা খেলুৱৈ সকলক উপস্থিত থাকিবলৈ আহ্বান জনাইছে। খেলুৱৈ সকল জুনিয়ৰ বাবে ২০০২-২০০৩ বৰ্ষত আৰু মিনি জুনিয়ৰ বাবে ২০০৫-২০০৬ বৰ্ষত জন্ম গ্ৰহণ কৰা হ’ব লাগিব বুলি উল্লেখ কৰে বৰপেটা জিলা ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক আলটাফ হুছেইনে।

Related Articles

Leave a Reply

Close