অসম

আলোড়ন এক নতুনত্বৰ সৃষ্টিৰ বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে সজাগতা সভা

বৰপেটাৰপৰা ছফিক আহমেদ প্ৰথম খবৰ: আলোড়ন…এক নতুনত্বৰ সৃষ্টি, সমাজ সেৱা আৰু সেউজী ধৰণী যাৰ লক্ষ,নামেই যাৰ পৰিচয়। আজি অৰ্থাৎ ১৪ জুন তাৰিখে বৰপেটা জিলাত স্থিত হাউলিৰ জিলা শিক্ষা শিক্ষন আৰু প্ৰশিক্ষণ প্ৰাঙ্গনত আৰু সহযোগত বৰপেইটাৰ স্বেচ্ছাসেৱী অনুষ্ঠান তথা ২০১৭বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ স্বজাতি জনস্বাস্থ্য বঁটা প্ৰাপ্ত আলোড়ন এক নতুনত্বৰ সৃষ্টিৰ উদ্যোগত আজি হাউলিত বিশ্ব ৰক্তদাতা দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা আয়োজন কৰা হয়। ২০১৬ চনৰ ২০ এপ্ৰিলৰ এক মহান সন্ধিক্ষণত কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত গড় লৈ উঠিছিল “আলোড়ন এক নতুনত্বৰ সৃষ্টিৰ”। মুলত সমাজসেৱা তথা ৰক্তদানৰ জৰিয়তে উঠি অহা যুৱচামৰ মাজত সমাজসেৱাৰ সুপ্ত চেতনা জাগ্ৰত কৰাই “আলোড়নৰ” মুখ্যত উদ্দেশ্য আৰু এই উদ্দেশ্য সাৰোগত কৰিয়েই আলোড়নে সমাজসেৱা আগবঢ়াই আছে। আজিৰ এই সভাত সভাপতিত্ব কৰে বৰপেটা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ ডঃ কুলৰঞ্জন ডেকায়। সভা আৰম্ভ হোৱাৰ প্ৰাকমুহুৰ্তত কাৰ্বি আংলংঙত সংঘটিত হোৱা বৰ্বৰ হত্যাকাণ্ডত নিহত হোৱা অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ আত্মাৰ সদগতিৰ হকে এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয় ইয়াৰ পিছতে সভাৰ উদ্দেশ্য বাখ্যা কৰে আলোড়নৰ সম্পাদক তথা সাংবাদিক কঞ্জল দাসে। উক্ত সভাত বিশিষ্ঠ বক্তা হিচাপে উপস্থিত থাকে বৰপেটা মেডিকেল কলেজৰ কৰ্মৰত চিকিৎসক ডঃ পাৰ্থ কাকতি, ডঃ কমল কৃষ্ণ দাস, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিষয়া ডক্টৰ নন্দিতা দত্ত আৰু লগতে উপস্থিত থাকে অসম চৰকাৰৰ প্ৰাক্তন যুটীয়া সঞ্চালক ডঃ হৰেন চৌধুৰী, লগতে থাকে টিম হিউমেনিটিৰ সদস্য মনচুৰ চৌধুৰী। উক্ত সভাত তেওঁলোকে ৰক্তদানৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে, লগতে বৰ্তমান সমাজত ৰক্ত দান কৰাৰ ফলত কি কি অসুবিধাৰ সৃষ্টি হয়, ৰক্ত দানৰ সময়ত দেহ কেনেকুৱা থকা উচিত,বা ৰক্তদাতা জনে মাদক দ্ৰব্য বা তেনেকুৱা ধৰণৰ ৰাগীয়াল বস্তু সেৱন কৰে নে নকৰে ,বয়স ইত্যাদি ভিন্ন দিশত এক গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে। উক্ত সভাত NDRF ৰ জোৱানৰ লগতে  ছাত্ৰ- ছাত্ৰী তথা হাউলি অঞ্চলৰ ৰাইজ  উপস্থিত থাকে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই আলোড়নৰ প্ৰাক্তন সভাপতি মৃদুল তালুকদাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close