অসম

আহতগুৰি কাঁচিকতা পাৰ ঘাটত ভয়ংকৰ নাও দুৰ্ঘটনা

আঁহতগুৰিৰপৰা প্ৰাঞ্জল খাউণ্ড,প্ৰথম খবৰ: দক্ষিণ মাজুলীৰ কাঁচিকতা ঘাটত ভয়ানক নাও দুৰ্ঘটনা। জামুগুৰি-চিকাৰী ঘাট সংযোগী পাৰলৈ আহি থকা বৱস্থাত পানী সোমাই দুৰ্ঘটনাত পতিত হয় এখন তুলুঙা নাঁও। কথমপি প্ৰাণ ৰক্ষা ৫ জন যাত্ৰীৰ ক্ৰমে ৰিপন দাস,অনুপম বৰুৱা,পলি বৰুৱা,বিপুল শইকীয়া আৰু ধন গোৱালা। দুখন চাইকেল,এখন মটৰ চাইকেল ডুব যোৱাৰ পিছত উদ্ধাৰ কৰে যদিও আৰু দুটাকৈ মোবাইল হেৰাই যায় দুৰ্ঘটনাটোত। তুলুঙা নাঁও খনত অত্যাধিক যাত্ৰী কঢ়িওৱাৰ বাবে এই অভাৱনীয় ঘটনা সংঘটিত হয় ৷ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ হেমাহীৰ বাবেই এই দুৰ্ঘটনা বুলি অভিযোগ কৰে প্ৰত্যক্ষদর্শীয়ে।

গতিকে যাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলাৰ আহ্বান জনাইছে সংশ্লিষ্ট সকলক। দক্ষিণ মাজুলীৰ সচেতন যুৱক প্ৰশান্ত হাজৰিকা তথা দক্ষিন মাজুলী বাসীয়ে এইক্ষেত্ৰত যাবতীয় ব্যৱস্থা গ্ৰহণ কৰি উক্ত ঘাট কেইটাত উন্নত নাৱৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে জল পৰিবহন বিভাগৰ কৰ্তৃপক্ষক।

Related Articles

Leave a Reply

Close