নিবন্ধসাহিত্য

ঈদ-উল-ফিতৰ

অনুপম চৌধুৰী

ঈদ-উল-ফিতৰৰ আভিধানিক অৰ্থ হৈছে ৰোজা ভঙাৰ উৎসৱ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আটাইটকৈ গুৰুত্বপূৰ্ণ উৎসৱ দুটা হৈছে ঈদ। এটি ঈদ-উল-ফিতৰৰ আৰু আনটো ঈদ-উল-আজহা। সম্পূৰ্ণ এমাহ ৰোজা ৰখাৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোকসকলে অতি উলহমালহেৰে পালন কৰে ঈদ-উল-ফিতৰ। বছৰযোৰা প্ৰতিকূলতা, দুখ-কষ্ট, বেদনা পাহৰি প্ৰতিজন মুছলমানে আনন্দমনে মিলিত হয় ঈদৰ দিনা। পাৰহৈ যোৱা দিনবোৰৰ সকলো হতাশা পাহৰি আনন্দ উপভোগ কৰে প্ৰতিজন মুছলমানে। নিজৰ সাধ্যানুসাৰে প্ৰত্যেকেই নতুন পোছাক পৰিধান কৰি ঈদৰ মেহফিলত সমবেত হয়। ৰাতিপুৱাৰ পৰা ৰাতিলৈ প্ৰত্যেকে আনন্দ উপভোগ কৰে। ঈদৰ দিনা ধনী-দুখীয়াৰ মাজত কোনো ভেদাভেদ দেখা পোৱা নাযায়। সকলো শ্ৰেণীৰ মানুহ একেলগে ঈদগাহ মিলিত হয় আৰু এজনে আনজনক ঈদৰ শুভেচ্ছা জনায়।
ঈদ মানৱ সমাজত ধনী-দুখীয়াৰ মাজত ব্যৱধান আতৰাই দিয়াৰ এটি দিন।ঈদৰ দিনটোত ধনী-দুখীয়া সকলো সমান। সকলোৱে একেলগে ঈদগাহত ঈদৰ নামাজ আদায় কৰে। সেয়েহে ঈদৰ দুই ৰাকাত নামাজ বাৰ্ষিক নামাজ বুলি কোৱা হয়। মছজিদ নাইবা ঈদগাহত সকলোৱে একত্ৰিত হৈ সুশৃংখলভাবে কাতৰাবদ্ধ হৈ এই নামাজ আদায় কৰে। হাদীছ শ্বৰীফত বৰ্ণিত আছে যে যিসকলে ঈদৰ নামাজ আদায় কৰিবৰ নিমিত্তে ঈদগাহত একত্ৰিত হয় তেওঁলোকক উদ্দে্শ্যি আল্লাহু – তালাই ফিৰিষ্টা সকলক প্ৰশ্ন কৰে যে এওঁলোকক কি প্ৰতিদান দিয়া যাব? তেতিয়া ফিৰিষ্টাসকলে উত্তৰত কয় এওঁলোকক একান্ত মনে কৰা কৰ্ম্মৰ পূৰ্ণ পাৰিশ্ৰমিক দিয়াটো উচিত। তেতিয়া আল্লাহু – তালাই ফিৰিষ্টাসকলক প্ৰতিশ্ৰুতি দিয়ে যে তেওলোকৰ সকলোবোৰ দোৱা (প্ৰাৰ্থনা) আল্লাহু-তালাই কবুল কৰিব। তাৰ পিছত আল্লাহু-তালাই ঈদগাহত একত্ৰিত হৈ ঈদৰ নামাজ আদায় কৰা নেক বান্দাসকলক উদ্দেশ্য কৰি ঘোষণা কৰে যে আল্লাহু-তালাই সকলোকে ক্ষমা কৰি দিছে লগতে তেওঁলোকৰ অতিতৰ সকলোবোৰ পাপক পূন্যলৈ ৰূপান্তৰিত কৰি দিয়া হৈছে।
ৰমজান মাহ মুছলমানসকলৰ বাবে আটাইতকৈ পূণ্যৰ মাহ। এই মাহটোক এটি স্বচ্ছ নিৰ্মল সৰোবৰৰ লগত তুলনা কৰা হয়। যি সৰোবৰৰ নিৰ্মল পানীয়ে মানুহৰ মনৰ পৰা কাম-ক্ৰোধ, লোভ-লালসা, হিংসা-বিদ্বেষ তথা বিভেদৰ সকলোবোৰ মনোভাৱ ধুই পৰিষ্কাৰ কৰি দিয়ে। ৰমজান মাহত প্ৰতিজন ৰোজাদাৰ ব্যক্তিয়ে কামাচাৰ, পানাহাৰ, পাপাচাৰ, মিথ্যাচাৰ আদিৰ পৰা সম্পূৰ্ণ দিনটো আতৰি থাকে। যিয়ে প্ৰতিজন ৰোজাদাৰৰ মন পৰিষ্কাৰ কৰি ৰখাৰ লগতে জীৱন চেতনালৈ বোৱাই আনে এক অনাবিল সুখৰ অনুভুতি। সম্পূৰ্ণ এমাহ ৰোজা ৰখাৰ পিছত আনন্দ তথা উৎসৱমুখৰ পৰিৱেশত সমগ্ৰ বিশ্বতে ঈদ পালন কৰা হয়। ৰমজান মাহৰ এমাহ ৰোজা ৰখাৰ পিছত ঈদ-উল-ফিতৰে ধনী-দুখীয়া নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকক ঘনিষ্ঠ কৰি তোলে, গঢ়ি তোলে প্ৰত্যেকৰ মাজত প্ৰেমভাৱ, প্ৰত্যেককে ভাতৃত্ববোধৰ বান্ধনে ঐক্যবদ্ধ কৰি তোলে।
ঈদৰ নামাজ আদায় হোৱাৰ পিছত ধনী-দুখীয়া সকলোৱে এজনে আনজনক ঈদৰ শুভেচ্ছা জনায়। ঈদ উপলক্ষে কোনে কিমান দামী বস্ত্ৰ পৰিধান কৰিছে, কোনে কিমান বেছি খাদ্য তালিকা প্ৰস্তুত কৰিছে সেইটো বিচাৰ্য বিষয় নহয়। আনহাতে কোনে নিজ আত্মাক কিমানখিনি নিস্পাপ কৰি ৰাখিব পাৰিছে সেইটোহে বিচাৰ্য বিষয়।
ঈদ-উল-ফিতৰৰ তাৎপৰ্য হৈছে ৰমজানৰ ৰোজা সম্পূৰ্ণ কৰি পুনৰ আগৰ অৱস্থা উভতাই পোৱাৰ আনন্দ। নবী কৰিম (ছা) ঘোষণা কৰিছে, ‘লিকুলি কাওমিন ঈদ, হাযা ঈদুনা’ অৰ্থাৎ ‘প্ৰত্যেকটো জাতিৰে নিজস্ব আনন্দ উৎসৱ আছে আৰু মুছলমানসকলৰ আনন্দ উৎসৱ হৈছে এই ঈদ'(বুখাৰী। ঈদ সকলোৰে মাজত আনন বিতৰনৰ বাণীৰূপে মুছলমানসকলৰ জীৱনলৈ আহে। বস্তুগত জাগতিক প্ৰাচুৰ্য্য, ঐশ্বৰ্য্য তথা ধন-সম্পদৰ পৰা মুক্ত হৈ যথাসম্ভৱ মানুহৰ অন্তৰ বিকশিত, পৰিস্কাৰ, উজ্জ্বল আৰু সুন্দৰ কৰি তোলাটোৱে ৰমজানৰ ৰোজাৰ উদ্দেশ্য আৰু ঈদ উৎসৱৰ মাহাত্ম্য। ভেদাভেদহীন সমাজ সৃষ্টিৰ বিষয়টিও এই পবিত্ৰ ঈদ উৎসৱৰ মাজতেই নিহিত হৈ আছে। ইছলামৰ মৰ্মবাণী সামাজিক ঐক্য, সাম্য, মৈত্ৰী, সৌহাদ্য, সহমৰ্মিতা প্ৰকাশ আৰু সম্প্ৰতি প্ৰতিষ্ঠা তথা মহান সৃষ্টিকৰ্তা আল্লাহৰ ৰহমত, মাগফিৰাত আৰু নাজাত সম্পৰ্কে সুগভীৰ উপলব্ধি। ঈদ উৎসৱ কেৱল মাত্ৰ এটি আনন্দ উপভোগৰ উৎসৱ নহয়, ইয়াৰ মাজত নিহিত হৈ আছে সামাজিক দায়িত্ব, কৰ্তব্য পালন আৰু ধৰ্মীয় ভাবগাম্ভীৰ্য উদযাপনৰ তাগিদা। ৰমজানৰ ৰোজাৰ লগতে ছাদাকাতুল ফিতৰ আৰু জাকাত আদায়ৰ মাধ্যমেৰেও আনন্দ উপভোগ কৰাৰ সুবৰ্ণ সুযোগ আহে…।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close