মহিলাযুৱস্বাস্থ্য

উঃ গৰম! গৰমৰ পৰা হাত সাৰিবলৈ আপুনি কি কৰিব?

দিপাঞ্জলী শৰ্মা

গৰমৰ দিনত আমি বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। তাৰ ভিতৰত ঘামৰ সমস্যা উল্লেখযোগ্য। গৰমৰ দিনত যদিহে আপোনাৰ শৰীৰত অত্যাধিক ঘাম ওলায় বা আপোনাৰ শৰীৰত প্ৰয়োজনীয় পানী কম হৈ যায়,তেতিয়া কিছুমান উপায় আছে যাৰ সহায়ত এইবোৰৰ পৰা পৰিত্ৰাণ পাব।

১)গৰমৰ দিনত যিবোৰ ফলত অধিক মাত্ৰাৰ পানী থাকে, যেনে-তৰমুজ,কুঁহিয়াৰ,অমিতা আদিৰ ৰস সেৱন কৰিব লাগে।

২)বাহিৰলৈ ওলাই গ’লে পানীৰ বটল এটা লগত লৈ যাব।

৩) গৰমৰ দিনত শৰীৰত অত্যধিক ঘাম ওলোৱাৰ বাবে শৰীৰত ছ’ডিয়ামৰ প্ৰয়োজন হয়,সেয়েহে নিমখযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে।

৪)শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ গৰমৰ দিনত নেমু টেঙাৰ ৰস বা নেমু টেঙা সেৱন কৰিব পাৰে।

৫)ৰ’দৰ তাপৰ পৰা হাত সাৰিবলৈ বাহিৰলৈ ওলাই গ’লে ছাতিৰ ব্যৱহাৰ কৰক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close