অসম

উত্তৰ গুৱাহাটীত নেপাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ অগ্ৰণী সংস্থা পৰিৱেশ সুৰক্ষা সংস্থা নৰ্থ-গুৱাহাটী এনভাইৰণমেণ্ট প্রটেক্সন্ এছ’চিয়েচন্ (নেপা)ৰ উদ্যোগত কালি ৫ জুন মঙ্গলবাৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। কামৰূপ জিলা প্রশাসন,উত্তৰ গুৱাহাটী মহাবিদ্যালয় তথা শঙ্কৰদেৱ শিশু নিকেতনৰ সহযোগিতাত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠানটো উদযাপিত কৰা হৈছিল। কামৰূপ জিলাৰ উপায়ুুক্ত কমল কুমাৰ বৈশ্যই অনুস্থানৰ বন্তি প্ৰজ্বলন কৰে। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত দিনযোৰা কাৰ্য্যসূচীৰে উদযাপিত বিশ্ব পৰিৱেশ দিৱসত গুৱাহাটী আই আই টিৰ অধ্যাপক চন্দন মহন্তই ভাগ লৈ উত্তৰ গুৱাহাটীত অনিয়ন্ত্ৰিত উদ্যোগ সমূহে সৃষ্টি কৰা ভয়াবহ পৰিৱেশৰ প্ৰতি আঙুলিয়াই দিয়ে। মহন্তই উত্তৰ গুৱাহাটীৰ পৰিৱেশ সুৰক্ষা সংস্থা “নেপা”ৰ উদ্যোগক প্ৰশংসা কৰে আৰু আগন্তুক দিনত তেওঁলোকৰ কৰণীয়খিনি কৰি যাব বুলি সহযোগিতাৰ আশ্বাস দিয়ে। ৰাতিপুৱাৰ ভাগত অঞ্চলটিৰ শিক্ষাৰ্থীয়ে নগৰৰ মাজেৰে এক সমদলৰে পৰিৱেশ সুৰক্ষাৰ শ্লোগানেৰে জনসজাগতা বৃদ্ধিৰ প্ৰয়াস কৰে। পৰিৱেশ দিৱসৰ লগত সঙ্গতি ৰাখি কেইবা লানি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড• ঈশাঙ্কুৰ শইকীয়াই উত্তৰ গুৱাহাটীৰ প্রদূষণৰ ওপৰত এক তথ্যচিত্ৰ প্ৰদৰ্শণৰ দ্বাৰা উপায়ুক্তৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰে। অনুস্থানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ অধ্যক্ষ ড• দিলীপ দাসৰ পৌৰহিত্বত আয়োজন কৰা আলোচনা-চক্ৰৰ সঞ্চালন কৰে যতীন চৌধুৰীয়ে য’ত মহাবিদ্যালয়ৰ অন্যান্য অধ্যাপক-অধ্যাপিকাৰ লগতে প্রভাত শৰ্মা,ডঃ মালসী চৌধুৰী আৰু প্রতিমা বৰুৱাই ভাগ লৈ পৰিবেশ সংক্ৰান্তত বহুমূলীয়া উপদেশ দিয়াৰ লগতে ৰাইজক সংকল্পবদ্ধ হ’বলৈ আহ্বান জনায়। দুশৰো অধিক ছাত্র-ছাত্রী আৰু মাতৃগোটৰ সদস্যাৰ লগতে উপস্থিত নাগৰিক তথা বিষয়া সকলক সুৰেখা বেদী নামৰ এগৰাকী প্রকৃতিপ্রেমীয়ে দান দিয়া গছপুলি একোটাকৈ অনুস্থানৰ শেষৰ ফালে উদ্যোক্তা সমিতিয়ে বিতৰণ কৰে বুলি জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close