অসমশীৰ্ষ

একেটা চৌহদতে দুজনৰ মৃতদেহ: শিৱসাগৰত চাঞ্চল্য

প্ৰথম খবৰ,শিৱসাগৰ: শিৱসাগৰত মাজনিশা অঘটন ৷ একেটা চৌহদতে উদ্ধাৰ দুজনকৈ যুবকৰ মৃতদেহ উদ্ধাৰ,চাঞ্চল্য। শিৱসাগৰৰ পুৰণা আমোলাপট্টিৰ ৰমাই দত্ত পথত সংঘটিত এই চাঞ্চল্যকৰ ঘটনা ৷ ৰমাই দত্ত পথৰ নিবাসী জীতেন দত্তৰ বাসগৃহত সংঘটিত এই ৰহস্যজনক ঘটনা৷ প্ৰথম অৱস্থাত উদ্ধাৰ হয় জীতেন দত্তৰ পুত্ৰ ৩০ বৰ্ষীয় বিশাল দত্তৰ মৃতদেহ৷ পৰিয়ালৰ লোকে অসুস্থ বিশালৰ মৃত্যু স্বাভাৱিক বুলি বুজাব বিচাৰে যদিও বাসগৃহৰ সংলগ্ন ভাড়াগৃহত একে সময়তে পুনৰ আন এটা মৃতদেহ উদ্ধাৰৰ ঘটনাই অধিক ৰহস্যঘন কৰি তোলে ঘটনাক৷ জীতেন দত্তৰ ভাড়াঘৰত উদ্ধাৰ ডিব্ৰুগড়ৰ যুবক তথা ভাড়াতীয়া ৰূপম শৰ্মাৰ মৃতদেহ৷ একেটা চৌহদতে প্ৰায় সমবয়সীয়া দুই যুবকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চহৰখনত এক অবাঞ্চচিত পৰিবেশে বিৰাজ কৰিছে। আনহাতে অত্যধিক ড্ৰাগচ সেৱনৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি একাংশৰ সন্দেহৰ বিপৰীতে একাংশই বিশাল দত্তৰ মৃত্যুক পৰিকল্পিত হত্যা বুলিও সন্দেহ কৰিছে৷ মাজনিশাই শিৱসাগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ আসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতে ঘটনাৰ ৰহস্যৰ পোহৰলৈ আহিব বুলি আৰক্ষীৰ সুত্ৰে জানিবলৈ দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close