অসমশীৰ্ষ

মহিলা আত্ম সহায়ক গোটলৈ বৃত্তীয় সাহায্য মুখ্যমন্ত্ৰী সোণোৱালৰ

মহিলাৰ নেতৃত্বই সমাজৰ বিকাশৰ গতি ক্ষীপ্ৰ কৰে- মুখ্যমন্ত্ৰী

 

প্ৰথম খবৰ, পেঙেৰী,৬ জুনঃ এখন সমাজত মহিলাই যেতিয়া নেতৃত্ব বহন কৰে সেইখন সমাজ দ্ৰুত গতিৰে উন্নয়নৰ দিশে ধাৱমান হয়৷ সেই মৰ্মে ৰাজ্য চৰকাৰে মহিলা সবলীকৰনৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে৷ মহিলাৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্নিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কনকলতা মহিলা সবলীকৰন আচনি গ্ৰহন কৰিছে৷ ইয়াৰ জৰিয়তে মহিলাসকলৰ আৰ্থিক সামাদিক পৰিবৰ্তন সাধন কৰিব খোজা হৈছে৷ আজি কিনিচুকীয়া জিলাৰ জানমুখৰ বৰগুৰি আঞ্চলিক ক্ৰীয়া সন্থাৰ খেলপথাৰ অসম ৰাজ্যিক গ্ৰামীন জীবিকা আৰু পঞ্চায়ত গ্ৰামোন্নয়ণ বিভাগে আয়োজন কৰা মহিলা সমাৰোহত মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে এইদৰে কয়৷ উল্লেখ যে, এই সমাৰোহত ২২ টা আত্মসহায়ক গোটলৈ আনুষ্ঠানিকভাবে বিত্তীয় অনুদান প্ৰদান কৰা হয়৷ কনকলতা মহিলা সবলীকৰন আঁচনি অধীনত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ১২ টা বিধান সভা সমষ্ঠিৰ মুঠ ৮ হাজাৰ ২ শ ৯৬ টা মহিলা আত্মসহায়ক গোটৰ মাজত বিত্তীয় অনুদান প্ৰদান কৰা হব৷ মুখ্যমন্ত্ৰী সোনোৱালে কয় যে, গ্ৰাম্য অঞ্চলৰ মহিলাসকলক অৰ্থনৈতিকভাবে আত্মনিৰ্ভৰশিল কৰি তোলাৰ লক্ষ্যৰেই ৰাজ্য চৰকাৰে এই অভিলাষী আঁচনি ৰূপায়িত কৰিছে৷ ইয়াৰ জৰিয়তে ৰাজ্যৰ  প্ৰথম পৰ্য্যায়ত মুঠ  ২৮ লাখ টা মহিলা আত্মসহায়ক গোটক অনুদান প্ৰদান কৰা হব আৰু পৰৱৰ্তী সময়ত ১ লাখ মহিলা আত্মসহায়ক গোটক অনুদান প্ৰদান কৰা হব৷ গোট সমূহে লাভ কৰা বিত্তীয় অনুদান সঠিক ৰূপত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে, অৰ্থনৈতিকভাবে আত্ম নিৰ্ভৰশীল হবলৈ আত্মসহায়ক গোটসমূহে ইয়াক মূলধন হিচাবে ব্যৱহাৰ কৰি আগবাঢ়ি যাব লাগিব৷ যি সকল আত্মসহায়ক গোটে এইক্ষেত্ৰত সফলতা অৰ্জন কৰিব তাৰ মাজৰ পৰা প্ৰথম, দ্বিতীয় আৰু তৃতীয় নিৰ্বাচন কৰি ৫ লাখ, ৩ লাখ আৰু ২ লাখ টকাৰে পুৰস্কৃত কৰা হব৷ মহিলা সবলীকৰনৰ ওপৰত বিভিন্ন আচনিৰ বিষয়ে ৰাইজক অবগত কৰি ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত  কয় যে, ৰাজনৈতিক স্বাৰ্থ পূৰনৰ বাবে  বহু অপশক্তিয়ে ৰাজ্যৰ সমাজ জীৱন অস্থিৰ কৰি তুলিছে৷  জনসাধাৰনক ৰাজ্য চৰকাৰৰ ওপৰত সন্দেহ নকৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যৰ থলুৱা লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত কেতবোৰ অপশক্তিয়ে সমাজত ভূল ধাৰনা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে৷ এই ভ্ৰান্ত ধাৰনাক প্ৰশ্ৰয় নিদিবলৈ জনসাধাৰনক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে৷ উচ্চতম ন্যায়লয়ৰ নিৰ্দেশনাত এখন ক্ৰুতিমুক্ত এন আৰ চি প্ৰস্তুত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি ঘোষনা কৰে সৰ্বানন্দ সোনোৱালে৷ আজি এই মহিলা সমাৰোহত মন্ত্ৰী নৱ কুমাৰ দলে, তপন কুমাৰ গগৈ, সাংসদ ৰামেশ্বৰ তেলী, কামাখ্যা প্ৰসাদ তাচা, প্ৰদান বৰুৱা , হাউচ ফেডৰ অধ্যক্ষ ৰঞ্জিত দাস, বিধায়ক সঞ্জয় কিশান,  চক্ৰ গগৈ, তেৰচ গোৱালা, ৰিতুপৰ্ন বৰুৱা, সুৰেন ফুকন, প্ৰশান্ত ফুকন, বিমল বৰা, বিনোদ হাজৰিকা, ভাস্কৰ শৰ্মা আদিৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে৷

Related Articles

Leave a Reply

Close