অসমশীৰ্ষ

কলগাছিয়াৰ জাউৰীমাৰীত নাৰকীয় কাণ্ড   ডিঙি কাটি পত্নীক হত্যাৰ চেষ্টা স্বামীৰ

কলগাছিয়াৰপৰা আব্দুল হাই প্ৰথম খবৰ : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত জাউৰীমাৰীত বৃহস্পতিবাৰ পুৱাৰ ভাগত সংঘটিত হৈছে এক নাৰকীয় কাণ্ড। জাউৰীমাৰী গাঁৱৰ আজিজুৰ ৰহমানৰ পত্নী চন্দ্ৰভানু (৪৮) ক ঘৰত কোনো নথকাৰ সুযোগত এক ঘৰুৱা কন্দলক কেন্দ্ৰ কৰি পুৱাৰ ভাগত চোকা অস্ত্ৰ আৰু দা’ৰে ঘপিয়াই ডিঙি কাটি হত্যাৰ চেষ্টা কৰে স্বামীয়ে। ওচৰ চুবুৰীয়াই ঘটনাৰ খবৰ পাই আগুৱাই অহাত ঘাতক স্বামী আজিজুৰ ৰহমানে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। মহিলা গৰাকীক ৰাইজে উদ্ধাৰ কৰি সংকট জনক অৱস্থাত কোনো ধৰণৰ এম্বুলেন্সৰ ব্যৱস্থা নথকাৰ ফলত বাঁহৰ সাঙি বান্ধি কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু মহিলা গৰাকীৰ অৱস্থা আৰু অধিক সংকটজনক হৈ পৰাত উন্নত চিকিৎসাৰ বাবে বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে। দুৰ্ভাগ্যজনক কথা হল , বৃহত্তৰ চৰ অঞ্চলত কোনো ধৰণৰ এম্বুলেন্স সেৱাৰ ব্যৱস্থা নথকাৰ ফলত টুলুঙা নাওঁ আৰু বাঁহৰ সাঙি বান্ধি কান্ধত তুলি চিকিৎসালয়ত লৈ যাব লগা ঘটনাই চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিয়াৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে। সম্প্ৰতি ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে যদিও ঘাতক স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close