সভা-সমিতি

কলিতা জাতি(অসম) ৰঙামাটি আঞ্চলিক সমিতিৰ “কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

বাদুলিপাৰৰ পাৰ্থপ্ৰতীম বৰুৱা,প্ৰথম খবৰ:গোলাঘাট জিলা বাদুলিপাৰ অঞ্চলৰ ৰঙামাটি চেউনি কমাৰ গাওঁ সভাগৃহত সমাজ সেৱক দিলিপ কুমাৰ বৰবৰাৰ সভাপতিত্বত এখনি বিশেষ সভা অনুস্থিত হয়। অনুস্থিত সভাৰ আঁত ধৰে সদৌ অসম কলিতা জাতি সাংগাঠনিক সম্পাদক প্ৰদীপ(ৰাতুল) শইকীয়াই। অনুস্থিত সভাৰ আঁত ধৰি কয় যে সদ্যঘোসিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদেশ্যেৰে সভাখন অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰিও কলিতা জাতি উন্নয়নৰ অৰ্থে এখন মহিলা মঞ্চ গঠন কৰা,এটা ছাত্ৰ সংগঠন কৰাই আজিৰ সভাৰ এক অন্যতম। আজি সভাত ক্ৰমে সদৌ অসম কলিতা জাতিৰ কাৰ্যকৰী সভাপতি ধৰ্মেশ্বৰ বৰ্মন,জিলা উপদেষ্টা দুৰ্গেশ্বৰ শইকীয়া,জিলা মহিলা মঞ্চৰ সভানেত্ৰী সেউজী বৰুৱা,জিলা মহিলা মঞ্চৰ সভানেত্ৰী ৰুপা শইকীয়া,জিলা উপসভাপতি অতুল শইকীয়া,দুৰ্ল্লভ ভুঞা,ফনিধৰ শইকীয়া ,প্ৰফুল্ল শইকীয়া,জয়ন্তি ফুকন বৰবৰা,জোনাকি শইকীয়া উপস্থিত থাকে ।ইয়াৰ উপৰিও মেলামৰা কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অজিত কুমাৰ শইকীয়া উপস্হিত থাকে। উদ্যোগক্তাসকলে জনোৱা মতে অসমৰ বিভিন্ন স্থানত যি ছয় জনহগোষ্ঠীয়ে জনজাতিৰ স্বীকৃতিৰ বাবে আন্দোলন কৰি আহিছে তাৰ লগত সংগতি ৰাখি কলিতা জাতিকো জনজাতি দিয়াৰ অৰ্থে সভাখন আহ্বান কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close