অসমশীৰ্ষ

কাৰ্বি আংলং কাণ্ডৰ মূল অভিযুক্ত আৰক্ষীৰ জালত

নিউজ ডেস্ক,প্ৰথম খবৰ:ডকমকা কাণ্ডৰ মূল অভিযুক্ত ‘আলফা’ক গ্ৰেপ্তাৰ। কাৰ্বি আংলঙ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাৰ্বি আংলঙৰ জঘন্য ঘটনাৰ লগত জড়িত ‘আলফা’ক। ‘আলফা’ৰ সম্পূৰ্ণ নাম আলফাজছ তিমুং। বৰ্বৰ ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰা পলাই ফুৰিছিল ‘আলফা’।

অভিযোগ অনুসৰি‘আলফা’ৰ বাবেই সংঘটিত হৈছিল ডকমকাৰ পৈশাচিক কাণ্ড। ফোনত সোপাধৰাৰ উৰাবাতৰি বিয়পাইছিল ‘আলফা’ই। যাৰ বাবে নৃশংসতাৰ বলি হৈছিল নীলোৎপল-অভিজিত।

ইফালে ডেনগাঁৱৰ মিঠু দাসৰ হত্যাকাণ্ডতো ‘আলফা’ জড়িত থকাৰ বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close