অসম

কাৰ্বি পাহাৰ ডকমকাত হোৱা নাৰকীয় হিংসাত্মক ঘটনাৰ সন্দৰ্ভত জিলা উপায়ু্ক্তক স্মাৰক পত্ৰ প্ৰদান 

বাদুলিপাৰৰপৰা পাৰ্থ প্ৰতীম বৰুৱা,প্ৰথম খবৰ: সমগ্ৰ ৰাজ্যজুৰি ডকমকা কাণ্ডক লৈ চলিছে ব্যাপক চৰ্চা ,প্ৰতিবাদ,মৌন সমদল ,তিব্ৰ গৰিহনা,কঠোৰ শাস্তিৰ দাবী,আৰু শ্রদ্ধাঞ্জলি জ্ঞাপনৰ কাৰ্যসূচী। ইয়াৰ ব্যতিক্ৰম নহয় “আসাম প্ৰেছ ক’ৰেছপণ্ডেছ (আপকু) ৰ গোলাঘাট জিলা সমিতি। আজি ইংৰাজী ১২ জুন মঙ্গলবাৰে গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰব ব্ৰোথাক তিনি টা ডাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ,দাবীসমূহ ক্ৰমে—১। হত্যা কাৰীক দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰা। ২। হত্যা কাণ্ডৰ লগত জড়িত কোনো অপৰাধী যাতে সাৰি যাব নোৱাৰে তাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰা। ৩। ফেছবুক,হোৱাটছ এপ,আদি ছ’ছিয়েল মিডিয়া সমূহৰ ওপৰত এই ঘটনাৰ উপৰিও অনাগত দিনটো তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে শান্তি -সম্প্ৰীতি বিনস্ত কৰা আৰু জাতিগত বিভেদ সৃষ্টি কৰা দুষ্ট চক্ৰক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা। দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে আপকু গোলাঘাট জিলা সমিতিৰ সভাপতি নবীন গোঁহাই ,সম্পাদক প্ৰনৱ চক্ৰবত্তী ,দেৰগাও জনমভুমি কাকতৰ সাংবাদিক কুমুদ বৰা, পাৰ্থপ্ৰতীম বৰুৱা আৰু পাৰ্থপ্ৰতীম গোঁহাইয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close