অসম

কৃত্ৰিম বানত ডুবি হোজাইত দুই শিশুৰ মৃত্যু 

প্ৰথম খবৰ হোজাই: যোৱা দুদিনৰ পৰা হোজাইত হোৱা নেৰানেপেৰা বৰষুণত সৃষ্টি হোৱা কৃত্ৰিম বানপানীত ডুবি হোজাইত দুই শিশুৰ সলিল সমাধি হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে।হোজাই জিলাৰ হোজাই থানাৰ অন্তৰ্গত ৱাৰীগেডিং অঞ্চলত আজি সংঘটিত হয় এই শোকাৱহ ঘটনাটি। ঘটনাৰ বিৱৰনী মতে হায়ং গাঁও পঞ্চায়তৰ সভাপতি সুশীল মল্লিকৰ দুই পুত্ৰ-কন্যা ক্ৰমে বিউটি মল্লিক(৭) আৰু পূৰ্ণিমা মল্লিক(৩)য়ে আজি দুপৰীয়া প্ৰায় দুই মান বজাত ঘৰৰ কাষৰ পথাৰত খেলি থাকোতেই পথাৰত জমা হোৱা বৰষুণৰ পানীত ডুবি সলিল সমাধি ঘটে।পথাৰলৈ খেলিবলৈ যোৱা দুই কন্যাক পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰি শিশু দুটা পানীত ডুবি থকা দেখা পায়।লগে লগে সিহতক উদ্ধাৰ কৰি ততাতৈয়াকৈ যোগীজান প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয় পোৱাৰ আগতেই পূৰ্ণিমা মল্লিকৰ মৃত্যু হোৱাৰ লগতে বিউটি মল্লিকে চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। চিকিৎসালয়ৰ তৰফৰ পৰা যোগীজান আৰক্ষীক খবৰ দিয়াত যোগীজান আৰক্ষী চিকিৎসালয়ত উপস্থিত হয় যদিও নিহত শিশু দুটাৰ পৰিয়ালে শিশু দুটাৰ মৃতদেহ দুটা আৰক্ষীক চমজাই নিদি মৰণোত্তৰ পৰীক্ষা নকৰাৰ সিদ্ধান্ত জনাই এক লিখিত পত্ৰ প্ৰদান কৰে। শিশুদুটিৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close