অসমশীৰ্ষৰাষ্ট্ৰীয়

খং উঠিছে অমিত শ্বাহৰ

নেচনেল ডেস্ক,প্ৰথম খবৰ: ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ অমিত শ্বাহৰ প্ৰচণ্ড খং অসমৰ বিজেপি দলৰ ছ’চিয়েল মিডিয়াৰ টীমটোৰ ওপৰত। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত অমিত শ্বাহে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ওপৰত সমীক্ষা চলাইছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্যলকলক সাধাৰণ শ্ৰেণীৰ লোকৰ সু-সম্পৰ্ক বজাই ৰখাৰ উদ্দেশ্যেৰে ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থাকিবলৈ কৈছিল। বিজেপিৰ অধ্যক্ষগৰাকীয়ে এই ক্ষেত্ৰত অসমৰ ছ’চিয়েল মিডিয়াৰ দলটোৰ ৮২জন সদস্যৰ লগত বৈঠকত মিলিত হৈছিল। কিন্তু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে কোনো নেতাই ছ’চিয়েল মিডিয়াত সক্ৰিয় নহয়।

Related Articles

Leave a Reply

Close