অসমশীৰ্ষ

“খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সময় এয়া,হাত সাবটি বহি নাথাকোঁ”: জীতেন দত্ত

প্ৰথম খবৰ,জাজৰি: “জাতি,ধৰ্ম,বৰ্ণ,নিৰ্বিশেষে সকলো খিলঞ্জীয়া ঐক্যবদ্ধ হোৱাৰ সময় এয়া। জাতিৰ স্বাৰ্থত হয় মৰিম,নহয় মৰিম। ইয়াৰ মানে এনে নহয় যে অামি কাৰোবাক হত্যা কৰিবলৈ যাম। যদি মোক কোনোৱে মাৰিবলৈ অথবা হত্যা কৰিবলৈ অাহে তেন্তে মই বহি অনশন নকৰো, ইয়াৰ প্ৰত্যুত্তৰ দিম। মই ভাৱো এই সংকল্প প্ৰতিজন অসমীয়া যুৱকে লোৱাৰ সময় আহি পৰিছে। অামি গণতান্ত্ৰিক সংগ্ৰাম কৰিছো, গণতান্ত্ৰিক সংগ্ৰামক যদি ভাৰত চৰকাৰে বা অসম চৰকাৰে ৰঙা চকু দেখুৱাবলৈ চেষ্টা কৰে, গণতান্ত্ৰিক সংগ্ৰামক যদি সন্মান প্ৰদৰ্শন নকৰে তেন্তে অসমৰ যুৱ শক্তিয়ে অগণতান্ত্ৰিক পথ গ্ৰহন কৰি জাতিটোক ৰক্ষা কৰিবলৈ প্ৰস্তুত অাছে” -এই মন্তব্য প্ৰাক্তন আলফা নেতা জীতেন দত্তৰ।

নগাঁৱৰ চকলাঘাটৰ গান্ধীপথাৰত আয়োজিত এক সভাত অংশ লৈ আলফা নেতাগৰাকীয়ে কেন্দ্ৰীয় ৰেলৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইকো গণশত্ৰু আখ্যা দি কঠোৰ ভাষাৰে সমালোচনা কৰে। লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰক আহ্বান জনাই এইক্ষেত্ৰত জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনক জনসাধাৰণৰ পক্ষত থাকি বিধেয়কৰ বিৰোধীতা কৰিবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে এক বাইকৰেলীৰে চকলাঘাটত উপস্থিত হোৱা জীতেন দত্তই জাতীয় চেতনা জাগ্ৰত কৰা বহুমুলীয়া বক্তব্যৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Related Articles

Leave a Reply

Close