অসম

খুমটাইত যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ তৎপৰতা,সভাপতিৰ দৌৰত পাৰ্থ প্ৰতিম শইকীয়া 

প্ৰথম খবৰ,খুমটাই:আগন্তুক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ বাবে খুমটাইটো ব্যাপক প্ৰচাৰ পৰিলক্ষিত হৈছে ৷ সংগঠনৰটোৰ নিৰ্বাচনত খুমটাই সমষ্টিৰ সমিতিৰ বাবে ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ তাৰ ভিতৰত পাৰ্থ প্ৰতিম শইকীয়া, ৰূপান্তৰ তাঁতী, অৰিন্দম গোস্বামী, মমিন আহমেদ অন্যতম৷ গোলাঘাট জিলা সমিতিৰ সভাপতি পদৰ বাবে সমষ্টিটোৰ জিতেন কুৰ্মী আৰু সাধাৰন সম্পাদক পদত অমৃত গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে৷ আনহাতে সমষ্টিটোৰ পৰা ৰাজ্যিক সমিতিৰ বাবে সাধাৰন সম্পাদিকা পদত সাগৰিকা বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ মুঠৰ ওপৰত আগন্তুক যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ বাবে খুমটাই সমষ্টিত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে৷

Related Articles

Leave a Reply

Close