অসমশীৰ্ষ

গামোচা দাহ কাণ্ডৰ মূল অভিযুক্ত যুৱ কংগ্ৰেছৰ মনোনিত প্ৰাৰ্থী !

অসমীয়াৰ স্বাভিমানক আঘাত সনা প্ৰাৰ্থীত্বকলৈ সমষ্টি জুৰি তীব্ৰ প্ৰতিক্ৰিয়া

প্ৰথম খবৰ,ৰূপহীহাট: সমগ্ৰ ৰাজ্য জুৰি কংগ্ৰেছদলৰ যুৱ কংগ্ৰেছৰ নিৰ্বাচনী তত্পৰতা চলি থকাৰ সময়তে নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ এগৰাকী প্ৰাৰ্থীক সমগ্ৰ জিলাখনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জাতীয় স্বাভিমান আৰু জাতি প্ৰেমৰ কথা কোৱা কংগ্ৰেছ এন এছ ইউ আইৰ এজন নেতাই যোৱা ২০১৭ বৰ্ষত জাতিদ্ৰোহী কাণ্ড কৰাৰ পাছত এইবাৰ নিৰ্বাচনত সেই গৰাকী গামোচা দাহ কাণ্ডৰ মূল অভিযুক্ত ইলিয়াছ ৰহমত উল্লাহক প্ৰাৰ্থীত্ব প্ৰদান কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে সমষ্টিখনৰ জুৰীয়াত এই গৰাকী ছাত্ৰ নেতাই অসমীয়া জাতিৰ স্বাভিমান জড়িত হৈ থকা গামোচা জ্বলাই দিয়াৰ পিছত সমগ্ৰ ৰাজ্য জুৰি ক্ষোভৰ জুই জ্বলিছিল। বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত জুৰীয়া বজাৰৰ সমীপত কংগ্ৰেছৰ সমষ্টিৰ বিধায়ক নুৰুল হুদা আৰু এগৰাকী কেন্দ্ৰীয় শীৰ্ষ নেতাই এখন সভাত এইজন এন এছ ইউ আই নেতাই গামোচাখনত অংগ্নি সংযোগ কৰি প্ৰতিবাদৰ নামত জাতিটোৰ স্বাভিমানক আঘাত সানিছিলে আৰু আগন্তুক ২৫ জুন তাৰিখে অনুষ্ঠিত হবলগীয়া যুৱ কংগ্ৰেছৰ নিৰ্বাচিনত এইজন ইলিয়াছক কংগ্ৰেছ দলে সমষ্টিখনৰ সভাপতি প্ৰাৰ্থীত্ব মনোনিত কৰি দলটোৱে পুনৰ বাৰ অসমীয়াৰ আৱেগক আঘাত সনা বুলি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  উল্লেখ্য যে জেল ফেৰত এইজন নেতাই যুৱ কংগ্ৰেছৰ ৰূপহীহাট সমষ্টিৰ সভাপতি পদত প্ৰাৰ্থীত্ব আগবঢ়োৱাত কংগ্ৰেছ মহলক অস্বস্তিত পেলোৱা দেখা গৈছে। জানিব পৰা মতে অনলাইন যোগে মনোনয়ন দাখিল কৰাত তেওঁৰ প্ৰাৰ্থীত্ব অনুমোদিত হয়। কিন্তু সমগ্ৰ ৰাজ্যক অপমান কৰা প্ৰাৰ্থীজনৰ প্ৰাৰ্থীত্ব কংগ্ৰেছৰ শীৰ্ষ মহলে অনুমোদন জনোৱাৰ পাছত অস্বস্তিত পৰা নগাঁৱৰ কংগ্ৰেছ নেতা-কৰ্মী একাংশই তেওঁৰ প্ৰাৰ্থীত্ব নাকচ কৰিবলৈ এপিচিচিলৈ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। গুৰুত্বপূৰ্ণ কথাটো হল- প্ৰাৰ্থীজনৰ পূৰ্বৰ ভাৱমূৰ্ত্তি নেদেখাকৈয়ে দলে প্ৰাৰ্থীত্ব দিছে নে সেইবোৰ জাতি বিদ্বেষী কাণ্ডৰ বিষয়ে জানিও তেনে এজন প্ৰাৰ্থীক দলে নিৰ্বাচন কৰিছে তাক লৈও চৰ্চা চলিছে । আনহাতে তেওঁৰ প্ৰাৰ্থীত্বই বিমোৰত পেলোৱা কংগ্ৰেছীসকলে সম্প্ৰতি এইজন ইলিয়াছে পূৰ্বতে দলবিৰোধী কামত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ প্ৰাৰ্থীত্ব নাকচৰ দাবী জনালেও বিষয়টোৱে সমষ্টিখনত সৰৱভাৱে চৰ্চিত হৈছে।

Related Articles

Leave a Reply

Close