অসমৰাষ্ট্ৰীয়

গুৱাহাটী আই আই টিৰ বিংশতিতম দীক্ষান্ত সমাৰোহ সম্পন্ন

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:কামৰূপ জিলাৰ অন্তৰ্গত ভাৰতবৰ্ষৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটী আই আই টিৰ আজি সোমবাৰে বিংশতিতম দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হৈ যায়৷ এই দীক্ষান্ত সমাৰোহত পুৱা ১০:৩০ বজাৰ পৰা আই আই টি স্থিত ডা° ভুপেন হাজাৰিকা প্ৰেক্ষাগৃহত মুঠ ১৪৫০ গৰাকীক ছাত্ৰছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয়৷ ইয়াৰে ৫৮৪ গৰাকীক বি’টেক (btech), ৪৫ গৰাকীক ডিজাইনৰ স্নাতক,২৬ গৰাকীক কলাৰ স্নাতকোত্তৰ,১৪০ গৰাকীক বিজ্ঞানৰ স্নাতকোত্তৰ,৩৮৮ গৰাকীক এম’টেক(Mtech),২৪ গৰাকীক ডিজাইনৰ স্নাতকোত্তৰ,১১ গৰাকীক এমএছআৰ আৰু ২৩২ গৰাকীক পিএইচডি উপাধি প্ৰদান কৰা হয়। উপাধি প্ৰদান অনুষ্ঠানৰ আগেয়ে সমাৰোহত মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন (উচ্চ শিক্ষা) মন্ত্ৰী ডা° সত্যপাল সিঙে নিজ ভাষণত গুৱাহাটী আইআইটিক প্ৰশংসা কৰাৰ লগতে প্ৰতিষ্ঠানৱে অতি কম সময়তে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত জাগৰণ সৃষ্টি কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে৷ ইয়াৰ লগতে গৱেষণা ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আহ্বান জনায়৷ এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত বিভিন্ন উপাধি প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰপতিৰ সোনৰ পদক বি’টেকৰ অভিক ঘোষক আৰু ডা° শংকৰদয়াল শৰ্মা সোনপদক সুজিত সৌৰভক প্ৰদান কৰে ৷ সভাত গুৱাহাটী আইআইটিৰ সঞ্চালক প্ৰফেচাৰ গৌতম বিশ্বাসে আইআইটিৰ অগ্ৰগতি সন্দৰ্ভত চমু আভাস দাঙি ধৰাৰ লগতে কেইগৰাকীমান বিশিষ্ট ব্যক্তিয়ে সাৱলীল বক্তব্য দাঙি ধৰে ৷ উল্লেখ্য যে এইবাৰ ঘোষিত আই আই টিৰ ফলাফলত উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰৰ ছাত্ৰ অনিৰ্বাণ লেখাৰুৱেও এম’টেকত ৮৭ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close