অসম

গোন্ধ উৎসৱত চৌ-দিশে ভক্তিৰসৰ সুমধুৰ গুঞ্জন দুখনকৈ গ্ৰন্থ উন্মোচন : কেইবা সহস্ৰাধিক চাকিৰ আলোকত জ্যোতিলোকত পৰিণত বহৰি সত্ৰ 

প্ৰথম খবৰ ,চেঙা: মাথোঁ নাম-ধৰ্মৰ শ্ৰৱণ আৰু কীৰ্তনৰ গুঞ্জন। যেন ভক্তি-সাগৰত বিঢৌত ভক্তিৰস। ভক্তিৰসত জীপাল  কত সহস্ৰ ভক্তৰ  সুমধুৰ গুঞ্জনত মুখৰিত  মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ স্থাপিত আদি সত্ৰ  বহৰি। উল্লেখ্য যে যোৱা ৯ জুনৰ পৰা পাঁচদিনীয়াকৈ বহৰি সত্ৰত আৰম্ভ হৈছে ৪৫৩ সংখ্যক মহাপুৰুষ  শ্ৰীশ্ৰীহৰিদেৱ প্ৰভুৰ  তিৰোভাৱ তিথিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ ।আজি তেৰাৰ তিথি মহোৎসৱৰ গোন্ধ উৎসৱ।  এই উপলখ্যে পুৱাৰ ভাগত বহৰি সত্ৰৰ আই-বাপুসকলে নাম-প্ৰসংগ কৰাৰ পাছত  হোম যজ্ঞত একাত্ম হৈ পৰে গুৰুজনাৰ  অনুগামী সকল ।গুৰুচৰিত পাঠ, গুৰু বন্দনা, ৰাজহুৱা নাম কীৰ্তন আদিৰে  দিনৰ ভাগৰ ধৰ্মীয় কাৰ্যসূচীৰ পাছত সন্ধিয়া গুৰুজনালৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰি এগচি চাকি জ্বলাই  বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই। উল্লেখনীয় যে আজি গোটেই দিনটো বহৰি সত্ৰবাসীৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা হৰিদেৱ গুৰুজনাৰ ভক্ত আৰু অনুগামী  সকলে উপবাসে থাকি সন্ধ্যা প্ৰসংগৰে  তেল-ঘিউৰ চাকি পুৱতি নিশালৈ  জ্বলাই ভক্তিৰসত ডুব গৈ থাকিব। তিথি মহোৎসৱৰ বাকৰিতে আজি ভক্তি গুণানুকীৰ্তনৰ মাজতে এক  আধ্যাত্মিক পৰিৱেশত ‘সেহি স্মৃতি সুমৰণে’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক মাধুৰ্যমণ্ডিত বৰুৱাই  বৈষ্ণৱ ধৰ্মৰ নীতি আৰু আদৰ্শৰ ওপৰত আলোকপাত কৰি বৈষম্য আৰু সমদৃষ্টিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি গুৰুত্বপূৰ্ণ ব্যক্তব্য আগবঢ়ায়।ইয়াৰ পাছতে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে আন এখন গ্ৰন্থ ‘হৰিদেৱ প্ৰভা’ উন্মোচন কৰি গুৰুজনাৰ জীৱন দৰ্শন সন্দৰ্ভত ভাষণ প্ৰদান কৰে। উল্লেখ্য যে দুয়োখন গ্ৰন্থ সম্পাদনা কৰে শিক্ষক  সোমনাথ তালুকদাৰে। আজি গোটেই ৰাতি বিভিন্ন ধৰ্মীয় কাৰ্যসূচী অব্যাহত থাকিব।

Related Articles

Leave a Reply

Close