অসম

ঘগ্ৰাপাৰৰ অপহৃত শিশু এলাহাবাদত উদ্ধাৰ

প্ৰথম খবৰ,নলবাৰী: নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰপৰা অপহৃত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ উত্তৰ প্ৰদেশৰ এলাহাবাদ ৰে’লৱে ষ্টেচনত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ঘগ্ৰাপাৰৰ ওচৰৰ মাজুসিৰাল গাঁৱৰ ৰেজাকুল আলী (১২) নামৰ সপ্তম শ্ৰেণীৰ ছাত্র গৰাকী যোৱা ১৯ জুনৰ দিনা নিজ ঘৰৰ ওচৰৰ পৰা অপহৃত হৈছিল। সেইদিনা পুৱা ৰেজাকুলে ওচৰৰে পাগলাদিয়া নদীৰ দলঙত বহি থকা সময়তে গাওৰ এজন যুৱকে বৰাজোল বজাৰলৈ ফূৰাবলৈ লৈ যোৱাৰ পিছৰে পৰা ছাত্ৰ জন সন্ধানহীন হৈ পৰে। ছাত্ৰ জনৰ ডাষ্যমতে এজন অচিনাকী যুৱকে চাইকেলত তুলি ৰঙিয়া ৰে’ল ষ্টেচনলৈ লৈ যায়। তাত যুৱকজনে ফুৰাবলৈ নিয়াৰ প্ৰলোভন দি এখন ৰে’লত উঠাই নিয়ে। এলাহাবাদ ষ্টেচনত ছাত্রজনৰ পানীৰ পিয়াহ লগাত ৰে’লৰ পৰা নামি যায়। কিন্তু সৌভাগ্যবশত ছাত্ৰ জন উভতি অহালৈ ৰে’লখন গুছি যোৱত তেওঁক ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে। ৰে’ল আৰক্ষীয়ে ছাত্রজনে দিয়া মোমায়েকৰ মোবাইল নম্বৰত যোগাযোগ কৰে।পিছত পৰিয়ালৰ লোকে ঘগ্ৰাপাৰ থানাত খবৰ দিয়াত ছাত্রজনক আজি এলাহাবাদৰ পৰা ঘৰলৈ লৈ অহা হয়। ঘগ্ৰাপাৰৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। এয়া শিশু অপহৰণকাৰীৰ ঘটনা বুলি সন্দেহ কৰা হৈছে।

Related Articles

Leave a Reply

Close