অসমশীৰ্ষ

চতিয়াত চোৰাং চিকাৰী গ্ৰেপ্তাৰ

প্ৰথম খবৰ,চতিয়া: কাজিৰঙা ষষ্ঠ সংযোজনলৈ গড় হত্যাৰ বাবে গৈ থকা অৱস্থাতে চতিয়াত অস্ত্ৰ-শস্ত্ৰ সহ গ্ৰেপ্তাৰ হল দুই চোৰাং চিকাৰী৷  AS 12 S 6096 নম্বৰৰ মাৰুতী এলট্ৰ’ গাড়ী খনৰে কাজিৰঙা ষষ্ঠ সংযোজনৰ দিশৰে গৈ থকা অৱস্থাত চোৰাং চিকাৰীৰ দলটোক বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষক ডা° দেবজিৎ নাথৰ নেতৃত্বত আৰক্ষী আৰু বন বিভাগে যুটীয়া অভিযান চলাই চতিয়াৰ কৰৈয়নীৰ সমিপৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মহৰম মনচুৰি আৰু চানু গুৰুং নামৰ দুটা চোৰাং চিকাৰী৷ ধৃত মহৰম মনচুৰিৰ ঘৰ ভালুকপুং আৰু চানু গুৰোঙৰ ঘৰ বালিজুৰীত বুলি জানিব পৰা গৈছে৷ চিকাৰীৰ দুটাৰ পৰা এটা পইন্ট ১৫ ৰাইফল সহ ১০ জাই সজীৱ গুলি উদ্ধাৰ হয়৷ চিকাৰী দুটা গ্ৰেপ্তাৰৰ ফলত এইবাৰলৈ নিশ্চিত ভাবে ৰক্ষা পৰিল কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ গড়।

Related Articles

Leave a Reply

Close