অসম

চামগুৰিত সুৱদি গীতৰ কৰ্মশালা আয়োজন

চামগুৰিৰপৰা নৃপেন হাজৰিকা,প্ৰথম খবৰ: নগাওঁ জিলাৰ চামগুৰিস্থিত কলাগুৰু সংগীত বিদ্যালয়ৰ উদ্যোগত অহা ৫ জুলাই পৰা ৯ জুলাই তাৰিখলৈকে অসমীয়া সুৱদি গীতৰ কৰ্মশালাৰ আয়োজন কৰিছে ৷ চামগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা অসমীয়া সুৱদি গীতৰ কৰ্মশালাখনত মুখ্য প্ৰশিক্ষক হিচাপে ড° অনিমা চৌধুৰী,যজ্ঞ বেজবৰুৱা আৰু ৰূপম ভুঞাঁ উপস্থিত থাকি গীতৰ প্ৰশিক্ষণ প্ৰদান কৰিব। পুৱা ৯ বজাৰ পৰা বিয়লি ৪
বজালকৈ অনুষ্ঠিত হ’ব লগা কৰ্মশালাখনত সকলো বয়সৰ প্ৰশিক্ষাৰ্থী সকলে অংশ গ্ৰহণ কৰিব পাৰিব৷ গীতৰ কৰ্মশালাত পঞ্ছীয়ন মাচুল ৩০০ টকা হোৱাৰ লগতে প্ৰশিক্ষাৰ্থী সকলক কৰ্মশালাৰ অন্তিম দিনা একোখনকৈ প্ৰশংসা-প্ৰত্ৰও প্ৰদান কৰাৰ লগতে নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত প্ৰশিহ্মাৰ্থী সকলক গীত পৰিবেশন কৰিবলৈ দিয়া হ’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে। লগতে উক্ত কৰ্মশালাখনৰ সন্দৰ্ভত প্ৰশিক্ষাৰ্থী সকলে নাম ভৰ্ত্তী অথবা আগতিয়াকৈ ৮১৩৫৯৯৭৯৫৫ আৰু ৯১০১৫৪৩৬৩০ নম্বৰত যোগাযোগ কৰিলে কৰ্মশালাৰ সম্পৰ্কত সবিশেষ জানিব পাৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে। প্ৰ-পত্ৰ সমূহ নীহা-নাইনা (চামগুৰি )আৰু জ্ঞানজ্যোতি (পুৰনি গুদাম গড়মুৰ) পৰা সংগ্ৰহ কৰিব পাৰিব ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close