অসম

চামগুৰিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ  সম্পৰ্কত সজাগতা সভা

চামগুৰিৰপৰা নৃপেন হাজৰিকা, প্ৰথম খবৰ:নগাওঁ জিলাৰ চামগুৰি আৰহ্মী থানৰ অন্তর্গত ৰঙ্গাগৰা পঞ্চায়তত আজি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত হয়। নগাওঁ জিলাৰ আৰক্ষী প্ৰশাসনৰ সহযোগত আৰু চামগুৰি থানাৰ গাঁৱৰক্ষী  বাহিনী ও নাগৰিক কমিটিৰ উদ্যোগত অনুষ্টিত হোৱা সজাগতা সভাখনত চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সঞ্জীৱ দলৈ উপষ্হিত থাকি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সম্পূর্ণ খচৰাখনৰ সম্পৰ্কত বক্তব্য আগবঢ়ায়। চামগুৰি থানাৰ গাঁৱৰক্ষী  বাহিনীৰ চক্ৰ সংগঠক নৱজ্যোতি শৰ্মাই আতঁধৰা সজাগতা সভাখনত আৰক্ষী চক্ৰ পৰিদৰ্শক   নিত্যৰঞ্জন মহন্ত, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰ্মনেও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ সম্পৰ্কত ভাষণ প্ৰদান কৰে। আজিৰ সজাগতা সভাখনত প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close