অসম

চিচিবৰগাঁৱত দক্ষতা বিকাশ কেন্দ্ৰৰ উদ্ধোধন

প্ৰথম খবৰ,চিচিবৰগাঁও:ধেমাজি জিলাৰ চিচিবৰগাঁৱত কালি অসম চৰকাৰৰ দক্ষতা বিকাশ অভিযানৰ চিচিবৰগাঁৱৰ কেন্দ্ৰটি উদ্ধোধন কৰা হয়। দিনৰ ১১.০০ বজাৰ পৰা অনুষ্ঠিত হোৱা উদ্ধোধনী কাৰ্যসূচীত উদ্ধোধক হিচাপে উপস্থিত থাকে চিচিবৰগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰুন্ধতী মিপুন নৰহে। বিষয়াগৰাকীৰ সভাপত্বিত অনুষ্ঠিত হোৱা কাৰ্যসূচীত চিচিবৰগাঁও গাঁও পঞ্চায়তৰ সচিব নিমাই দাস আৰু চিচিবৰগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক বনমালি মহন্ত, চিচিবৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা কংকনজ্যোতি ভূঞাকে প্ৰমুখ্যে কৰি বিভিন্ন দল-সংগঠনৰ বিষয় ববীয়াই অতিথিৰূপে উপস্থিত থাকি মন্তব্য প্ৰদান কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close