অসম

চিলাপথাৰত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ উদ্যোগত সজাগতা সভা

প্ৰথম খবৰ চিচিবৰগাঁও: অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ, ধেমাজি জিলা আৰু আৰ্যভট্ৰ বিজ্ঞান কেন্দ্ৰ চিচি ব্লকৰ সৌজন্যত আজি চিলাপথাৰ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰ্তমান সমাজত প্ৰচলিত অন্ধবিশ্বাস-কুসংস্কাৰ,সোপাধৰা আৰু ডাইনী হত্যাৰ বিৰুদ্ধে এক সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত স্থানীয় বহুসংখ্যক লোকৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সভাত অংশগ্ৰহণ কৰি চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত লক্ষীনাথ পেগু,চিলাপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,চিলাপথাৰ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ঢুণ্ডীৰাজ উপাধ্যায়, ধেমাজি জিলাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ সমন্বয়ক মেঘনাথ টায়ে,ভৈৰৱপুৰ নেতাজী উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা আৰ্যভট্ৰ বিজ্ঞান কেন্দ্ৰ চিচি ব্লকৰ সভাপতি গোপাল চন্দ্ৰ দেৱ আদিয়ে ভাষণ দি সকলোকে উৰাবাতৰিত ভোল নগৈ এই সামাজিক কুসংস্কাৰৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনায়।

Related Articles

Leave a Reply

Close